হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেবৰগাওঁৰ দৰিদ্ৰ লোকৰ সুখ দুখৰ বুজ লবলৈ উপস্থিত প্ৰমোদ বড়ো

বিটিআৰৰ গোটেই অঞ্চলেই আমাৰ অঞ্চল এই দাবী বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

WhatsApp Image 2021 08 11 at 5.28.19 PM

বিটিআৰৰ প্ৰাক্তন চীফ তথা বিপিএফ ৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেবৰগাওঁৰ দুখীয়া দৰিদ্ৰ লোকসকলৰ খবৰ লবলৈ ৰাতিপুৱা উপস্থিত হয় বিটিআৰৰ চীফ প্ৰমোদ বড়ো।

সুখ দুখৰ খবৰ লৈ বিটিআৰৰ চীফ প্ৰমোদ বড়োয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় , বিটিআৰৰ সকলো অঞ্চলেই আমাৰ অঞ্চল। ইয়াত কোনো হাগ্ৰামা মহিলাৰী বা বেলেগ কাৰো কথা নাহে।সেইবাবে মই আজি দেবৰগাওঁ সমষ্টিৰ উন্নয়নৰ বাবে আৰু দৰিদ্ৰ দুখীয়া লোকসকলৰ খবৰ লবলৈ আহিছো।

অনাগত দিনত বিটিআৰৰ সকলো অঞ্চলৰেই খবৰ লম বুলিও প্ৰকাশ কৰে বিটিআৰৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে। আজি বিটিআৰৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে দেবৰগাওঁ সমষ্টিৰ উপৰিও চিৰাং জিলাৰ কে’বাখনো গাওঁ পৰিদৰ্শন কৰি দৰিদ্ৰ দুখীয়া লোকসকলৰ খবৰ লয় আৰু অনাগত দিনত দুখীয়া লোকসকলৰ উন্নয়নৰ বাবে বহুতো আচনি হাতত লৈ দুখীয়া লোকসকলক উন্নয়ন কৰিব বুলিও প্ৰকাশ কৰে।

Exit mobile version