আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি পদৰ পৰা অব্যাহতি অৰুণ কুমাৰ ৰায়ৰ

WhatsApp Image 2021 08 12 at 6.50.00 PM

সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতি পদৰ পৰা অব্যাহতি । ‘দৈনিক অগ্ৰদূত’ক টেলিফোনযোগে এই কথা ঘোষণা আক্ৰাছুৰ সভাপতিৰ ।

সংগঠনৰ উপ-সভাপতি দ্বীপেন ৰায়ক আক্ৰাছুৰ সভাপতিৰ দায়িত্ব অৰ্পণ অৰুণ কুমাৰ ৰায়ৰ । একমাত্ৰ শাৰীৰিক অসুস্থতাৰ বাবেই আক্ৰাছুৰ এই গুৰুত্বপূৰ্ণ পদৰ পৰা অব্যাহতি ল’ব লগা হ’ল বুলি টেলিফোনিক বাৰ্তালাপত জনায় ৰায়ে ।

কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনক লৈ ৰাজ্য চৰকাৰে জনগোষ্ঠীক বাৰেপতি প্ৰতাৰণা কৰি আহিছে । আগন্তুক সময়ত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ এই দাবী পূৰণ নকৰা পৰ্যন্ত আক্ৰাছুৰ এই আন্দোলন চলি থাকিব বুলি ঘোষণা কৰে অৰুণ কুমাৰ ৰায়ে ।

Exit mobile version