আমেৰিকাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কীম ভগ্নীৰ : আমেৰিকা, দক্ষিণ কোৰিয়াৰ সামৰিক অনুশীলন পাৰমাণৱিক আক্রমণৰ কছৰৎ

2347

দক্ষিণ কোৰিয়া আৰু আমেৰিকাই যৌথ সামৰিক অনুশীলনত অংশ ল’ব। অহা ১৬-২৬ আগষ্টৰ সময়ছােৱাত আমেৰিকাই দক্ষিণ কোৰিয়াৰ স’তে সামৰিক অনুশীলনত অংশ লােৱাৰ কথা।

দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ আগন্তুক সামৰিক অনুশীলনক লৈ ব্যাপক ক্ষোভ উজাৰিলে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ ভগ্নী কীম য়’ জঙে। কীমে কয় যে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যৌথ সেনা অনুশীলনৰ উদ্দেশ্য হৈছে উত্তৰ কোৰিয়াত পাৰমাণৱিক আক্রমণ সংঘটিত কৰা।

আমেৰিকাই উত্তৰ কোৰিয়াত পাৰমাণৱিক আক্রমণ সংঘটিত কৰিবলৈ প্রস্তুতি চলােৱা বুলিও কীম ভগ্নীয়ে অভিযােগ কৰে। কমিউনিষ্ট দেশখনক ধ্বংস কৰিবলৈ আমেৰিকাই দক্ষিণ কোৰিয়াৰ স’তে সামৰিক অনুশীলনত অংশ ল’ব বুলিও কীমে অভিযােগ কৰে।

আমেৰিকা আৰু দক্ষিণ কোৰিয়াই এইদৰে যৌথ সামৰিক অনুশীলন অব্যাহত ৰাখিলে উত্তৰ কোৰিয়াই ইয়াৰ উচিত প্রত্যুত্তৰ দিব বুলিও কীম ভগ্নীয়ে সকীয়াই দিয়ে। মার্কিন সেনাক উক্ত অঞ্চলৰ পৰা তৎকালে আঁতৰি যাবলৈকো কীমে দাবী জনায়।

উল্লেখ্য যে সম্প্রতি উত্তৰ কোৰিয়াৰ কীম ৰাজহুৱাভাৱে পূৰ্বৰ দৰে সক্রিয় হৈ থকা নাই। বিগত এবছৰত মাত্ৰ কেইটামান বিশেষ দিনতহে কীমে ৰাজহুৱা আত্মপ্রকাশ কৰিছিল। শেহতীয়াভাৱে কীমৰ মূৰৰ পাছফালে বেণ্ডেজ আৰু আঘাতৰ চিন থকা ফটোও আন্তর্জাতিক সংবাদ মাধ্যমত প্রচাৰিত হৈছিল।

কীম অসুস্থ বুলিও সময়ে সময়ে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈ আহিছে। কীমৰ এনে ৰহস্যজনক নির্লিপ্ততাৰ বিপৰীতে শেহতীয়াভাৱে কীম ভগ্নী যথেষ্ট ৰাজনৈতিক দিশত দেশখনত সক্রিয় হৈ উঠিছে। পূর্বে কীমে আমেৰিকাক হুংকাৰ দি সংবাদ শিৰােনাম দখল কৰিছিল যদিও এতিয়া তেওঁৰ ভগ্নীয়ে ভ্রাতৃৰ ভংগীমাৰে আমেৰিকাক সকীয়নি দিবলৈ ধৰিছে।

মার্কিন দাদাগিৰি উত্তৰ কোৰিয়াই কেতিয়াও সহ্য নকৰে বুলিও কিছুদিন পূর্বে কীম ভগ্নীয়ে আমেৰিকাক ধমক দিছিল। এইবাৰ কীম ভগ্নীয়ে উত্তৰ কোৰিয়াত পাৰমাণৱিক সংঘটিত কৰিবলৈ আমেৰিকাই দক্ষিণ কোৰিয়াৰ সহায় বিচৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিলে।

অৱশ্যে আমেৰিকাই পূর্বৰে পৰা দক্ষিণ কোৰিয়াৰ স’তে সামৰিক অনুশীলনত অংশ লৈ আহিছে। নির্দিষ্ট সূচী অনুসৰিয়ে এইবাৰাে আমেৰিকাই ১৬ আগষ্টৰ পৰা ২৬ আগষ্টলৈকে দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ স’তে যৌথভাৱে অনুশীলন চলাব।

Exit mobile version