কামচাটকাত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী হেলিকপ্টাৰ, নজনক উদ্ধাৰ, সাত সন্ধানহীন

16287450759904049

১৬ জন যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত হ’ল হেলিকপ্টাৰ । বৃহস্পতিবাৰে ৰাতিপুৱা ৰাছিয়াৰ পূব কামচাটকা পেনিনছোলা অঞ্চলত দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় সূত্ৰ অনুসৰি, নজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এতিয়ালৈকে সাতজন লোক সন্ধানহীন আৰু তেওঁলোকৰ সন্ধান চলি আছে।

তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা হেলিকপ্টাৰখন কামচাটকা পেনিনছোলা অঞ্চলৰ দক্ষিণে এটা হ্ৰদৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় । ভিটিয়াজ-এৰ’ কোম্পানীৰ কপ্টাৰত ১৩ জন যাত্ৰী আৰু তিনিজন ক্ৰু সদস্য আছিল । বিমানখনে মস্কোৰ পৰা ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ গৈ আছিল । তেতিয়াই দুৰ্ঘটনাত পতিত হয় ।

মস্কোৰ পৰা ছহেজাৰ কিলোমিটাৰ পূবত আৰু আলাস্কাৰ পৰা দুহেজাৰ কিলোমিটাৰ পশ্চিমে অৱস্থিত, কামচাটকা উপদ্বীপ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ফলত পৰ্যটকৰ বাবে জনপ্ৰিয় ।

এয়া প্ৰথমবাৰ নহয়, কামচাটকা উপদ্বীপ অঞ্চলত এনে বৃহৎ দুৰ্ঘটনা আগতেও সংঘটিত হৈছে । জুলাইত, ২৮ জন পৰ্যটকৰ স’তে এণ্টনভ এএন-২৬ টুইন ইঞ্জিনবিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

Exit mobile version