যোৱা দুই আগষ্টত হিমাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিছিল ।
কিন্তু ৰাজ্যখনত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ১১ আগষ্টৰ পৰা ২২ আগষ্টলৈকে শিক্ষানুষ্ঠান পুনৰ বন্ধ ৰখাৰ নিৰ্দেশ দিলে ।
তদুপৰি অন্য ৰাজ্যৰ পৰা হিমাচল প্ৰদেশলৈ অহা লোকৰ ক্ষেত্ৰত কৰ’নাৰ নিগেটিভ প্ৰমাণপত্ৰৰ লগতে দুপালি প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা হ’ব ।