গৃহযুদ্ধত বিধ্বস্ত হােৱা আফগানিস্তান সংকট সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্রপতিয়ে স্থিতি স্পষ্ট কৰিলে

আফগান নেতাক বাইডেনে ক'লে ‘এই যুঁজ আপােনালােকে যুঁজিব লাগিব’

1627645117 joebiden1 afp 1600x900 1

পেন্টাগনৰ পাছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে আফগানিস্তান সংকট সন্দৰ্ভত মন্তব্য কৰি ক’লে যে এতিয়া আফগান নেতাসকলে নিজে সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজ দিব লাগিব।

দেশখনত শেহতীয়াভাৱে তালিবান শক্তিশালী হৈ উঠিছে আৰু চৰকাৰী বিষয়াক হত্যা কৰাৰ লগতে এখনৰ পাছত আন এখন প্রদেশ সন্ত্রাসবাদী সংগঠনটোৱে দখল কৰিছে।

তালিবানৰ এনে উত্থান প্ৰতিৰােধ কৰিবলৈ আফগান নেতাসকল একত্রিত হ’ব লাগিব বুলি মত প্রকাশ কৰিলে মার্কিন ৰাষ্ট্রপতিয়ে। উল্লেখ্য যে যােৱা এপ্রিলৰ আৰম্ভণিতে আফগানিস্তানৰ পৰা পর্যায়ক্রমে মার্কিন সেনা প্রত্যাহাৰ কৰা হ’ব বুলি বাইডেনে ঘােষণা কৰিছিল।

মার্কিন সেনাই প্রস্থান কৰাৰ লগে লগে আফগানিস্তানত তালিবানে পুনৰ ইছলামিক শাসন প্রৱর্তন কৰিছে। গৃহযুদ্ধ বিধ্বস্ত হােৱা আফগানিস্তান প্রসংগত হােৱাইট হাউছে নিজৰ স্থিতি স্পষ্ট কৰি কয়, ‘আফগান নেতাসকল ঐক্যবদ্ধ হ’ব লাগিব।

তেওঁলােকে নিজৰ বাবে, সমগ্র দেশৰ বাবে যুঁজ দিব লাগিব। বাইডেনে লগতে কয় যে আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্তক লৈ হােৱাইট হাউছৰ কোনাে আফচোচ নাই।

বিগত ২০ বছৰত আমেৰিকাই আফগানিস্তানত এক লাখ কোটি ডলাৰ ব্যয় কৰাৰ লগতে হেজাৰ হেজাৰ মার্কিন সেনা ছহিদ হ’ল বুলিও বাইডেনে দাবী কৰে। আফগান ৰাষ্ট্রপতি আশফ ঘানি আৰু দেশবাসীক তালিবানৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ বাইডেনে পৰামর্শ দিলে।

অৱশ্যে তালিবানৰ বিৰুদ্ধে আকাশ পথৰে যুঁজৰ লগতে আফগান সেনাক প্রয়ােজনীয় সহযােগিতা প্রদান আমেৰিকাই অব্যাহত ৰাখিব বুলিও বাইডেনে প্রতিশ্রুতি দিয়ে।

Exit mobile version