টিকাকৰণৰ প্ৰমানপত্ৰত মোদীৰ ফটো কিয় ? উত্তৰ দিলে চৰকাৰে

Oppn to move privilege motion against Bharati Pawar

কৰ’নাৰ প্রতিষেধক গ্রহণ কৰা ব্যক্তিসকলক স্বাস্থ্য বিভাগে একোখন প্রমাণপত্র প্রদান কৰে। এই প্রমাণপত্ৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ফটো ব্যৱহাৰ কৰাক লৈ বিৰােধীয়ে প্রশ্ন উত্থাপন কৰি আহিছে।

ADVERTISEMENT

কেন্দ্রীয় চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ক’ভিড-১৯ প্রতিষেধক গ্রহণকাৰী ব্যক্তিক টিকাকৰণৰ বাবে প্ৰদান কৰা প্রমাণপত্ৰত প্রধানমন্ত্রী মােদীৰ বার্তাৰ লগতে যি ফটো ছপােৱা হৈছে সেয়া জনহিতৰ উদ্দেশ্যৰে কৰা হৈছে প্রধানমন্ত্রীৰ ফটোসহ বার্তাই টিকাকৰণৰ পাছত মহামাৰী প্ৰতিৰােধৰ নিয়ম-নীতিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে।

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্রী ভাৰতী পাৱাৰে ৰাজ্যসভাত এক লিখিত প্রশ্নৰ উত্তৰত এইদৰে কয়। মন্ত্রীগৰাকীয়ে লগতে কয় যে টিকাকৰণৰ প্রমাণপত্র বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নির্দেশনা অনুসৰি তৈয়াৰ কৰা হৈছে।

প্রধানমন্ত্রীৰ বার্তা আৰু ফটো টিকাৰ প্ৰমাণপত্ৰত সংলগ্ন কৰাৰ সপক্ষে যুক্তি দি পাৱাৰে কয় যে এই ধৰণৰ গুৰুত্বপূৰ্ণ বার্তা জনসাধাৰণৰ কাষলৈ সঠিকভাৱে লৈ যােৱাটো চৰকাৰৰ নৈতিক আৰু নীতিগত দায়িত্ব।

Exit mobile version