প্ৰথমবাৰ চন্দ্ৰত খোজ দিব আৰৱৰ মহিলা মহাকাশচাৰীয়ে

nora

এইবাৰ চন্দ্ৰত খোজ দিব সংযুক্ত আৰৱ আমিৰশ্বাহিয়ে । চন্দ্ৰত দুই মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে আমিৰশ্বাহিয়ে । তেওঁলোকৰ ভিতৰত এগৰাকী মহিলা ।

এয়ে প্ৰথম মহিলাক চন্দ্ৰত প্ৰেৰণ কৰিব কোনো আৰৱীয় দেশে । মহাকাশটো যোৱা কোনো আৰৱী মহিলাই । কট্টৰপন্থী সুন্নী মুছলমান ৰাষ্ট্ৰ হিচাপে পৰিচিত সংযুক্ত আৰৱ আমিৰশ্বাহি । বিশেষজ্ঞসকলৰ মতে, এই সিদ্ধান্ত ‘একবিংশ শতাব্দীৰ এক বৈপ্লৱিক পদক্ষেপ’ আৰু যুগান্তকাৰীও ।

আমিৰশ্বাহিৰ মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে, ইতিমধ্যে চন্দ্ৰত অৱতৰণ কৰিবৰ বাবে দুগৰাকী মহাকাশচাৰীক বাচনি কৰা হৈছে । তেওঁলোকৰ ভিতৰত এগৰাকী ২৮ বছৰীয়া যুৱতী মেকানিকেল ইঞ্জিনিয়াৰ নোৰা আলমাত্ৰুছি । আন এজন হৈছে ৩২ বছৰ বয়সীয়া মহম্মদ আলমুল্লা । তেওঁৰ এক দশক ধৰি ডুবাই আৰক্ষীৰ হেলিকপ্টাৰৰ দক্ষ পাইলট হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে । কেইদিনমানৰ ভিতৰতে দুয়োজনক দুবছৰীয়া প্ৰশিক্ষণৰ বাবে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জনছন স্পেছ চেণ্টাৰলৈ প্ৰেৰণ কৰা হ’ব ।

আলমাত্ৰুছিয়ে জনায় যে, আন্তৰ্জাতিক মহাকাশ ষ্টেচনক লৈ এখন ডকুমেণ্টৰী ফিল্ম চোৱাৰ পাছতে তেওঁ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিবৰ বাবে আগ্ৰহী হয় । সেয়ে তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙো সম্পন্ন কৰে । তাৰ পাছত এখন পেট্ৰোলিয়াম উদ্যোগত চাকৰি কৰে । আমিৰশ্বাহিৰ মহাকাশ গৱেষণা সংস্থাই মহাকাশচাৰীৰ সন্ধান কৰাৰ বিষয়ে জানিব পাৰি আবেদন কৰে আলমাত্ৰুছাই । পৰীক্ষাৰ ভিত্তিত তেওঁক নিৰ্বাচন কৰে আমিৰশ্বাহিৰ মহাকাশ গৱেষণা সংস্থাই ।

আমিৰশ্বাহিৰ মহাকাশ গৱেষণা সংস্থাই জনায়, তিনি বছৰ পূৰ্বেও আমিৰশ্বাহিৰ পৰা তিনিজনক মহাকাশচাৰীৰ প্ৰশিক্ষণ ল’বৰ বাবে প্ৰেৰণ কৰা হৈছিল নাছাত ।

Exit mobile version