মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন

অসমৰ মানাহতেই পোনপ্ৰথম 'দাওদ' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

WhatsApp Image 2021 08 12 at 6.59.52 PM

সমগ্র বিশ্বৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ লগতে প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আজি উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস । উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত উদযাপন কৰা হস্তী দিৱস উপলক্ষে ৰাতিপুৱা উদ্যানখনৰ হাতীসমূহক গা ধুৱাই চাফ-চিকুণ কৰি ভেকচিন প্ৰদানৰ লগতে বিভিন্ন ফল-মূল, খাদ্য সামগ্ৰী যোগান ধৰা হয় ৷

উক্ত দিৱসৰ কাৰ্যসূচীত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মাই উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে হস্তী দিৱস ২০১২ৰ পৰা সমগ্ৰ বিশ্বতেই আৰম্ভ হৈছে। হস্তীসমূহক কিয় সংৰক্ষণ কৰিব লাগে, হস্তীৰ গুৰুত্ব কি সেই সম্পর্কে সমগ্ৰ বিশ্বৰ মানুহক সজাগ কৰাৰ বাবেই মূলতঃ হস্তী দিৱস উদযাপন কৰা হয় ৷

মানাহত বৰ্তমানলৈকে ৪৯ টা হাতী আছে বুলি জানিব দি তেওঁ কয় যে, আজিৰ দিনটো হাতীৰ বাবে এক বিশেষ দিন । সেয়ে সিহঁতক কুঁহিয়াৰ, মাটি কঁঠাল, কল, গুৰ আদি বিভিন্ন খাদ্য সামগ্রী খাবলৈ দিয়া হয় আৰু হাতীৰ মাউতসমূহক একোটাকৈ টিচাৰ্ট প্ৰদান কৰা হয় ।

মানাহত পোনপ্ৰথমবাৰৰ বাবে ‘দাওদ’ বুলি এক কাৰ্যসূচী লোৱা হৈছে ৷ ভাৰতৰ দুদুৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে হৈছিল এই ‘দাওদ’ কাৰ্যসূচী ৷ ‘দাওদ’ হৈছে হাতীবোৰক নিমন্ত্ৰণ কৰি আনি পেট পূৰাই খোৱাৰ ব্যৱস্থা কৰা ৷ ইয়াৰ পাছতে “স্বাস্থ্য আৰু আনন্দ” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

আলোচনা চক্ৰখনত পদ্মশ্ৰী ড° কুশল কুমাৰ শৰ্মাক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে হাতীসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বনকৰ্মী, মাউতসকলক একোটাকৈ টিচাৰ্ট প্ৰদান কৰা হয় ৷

আজিৰ কাৰ্য্যসূচীত উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মাৰ লগতে বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, ৰঘুনাথ বড়ো, মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়ো, কামেশ্বৰ বড়ো, ড° প্ৰভাত বসুমতাৰী, ডব্লিউডব্লিউএফৰ দেৱ কুমাৰ দত্তকে ধৰি কে’বাগৰাকীও বিষয়ববীয়াই অংশগ্রহণ কৰে ।

Exit mobile version