বিটিচিৰ শালবাৰী সমষ্টিৰ টিচিএলচিচি আৰু ভিচিডিচিসমূহৰ পৃষ্ঠপোষকতাত আজি সমষ্টিটোৰ বিভিন্ন স্থানত পৃথকে পৃথকে ২৪ টা অংগনৱাড়ী কেন্দ্ৰৰ নতুন স্থায়ী গৃহৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। আটাইবোৰ অংগনৱাড়ী কেন্দ্ৰৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰে শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে ।
আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত শালবাৰী সমষ্টিৰ অধ্যক্ষ মুছাহাৰীয়ে কয় যে বিটিচিৰ বিভিন্ন প্ৰান্তৰ একাধিক অংগনৱাড়ী কেন্দ্ৰৰ প্ৰায় ১৫ বছৰ ধৰি স্থায়ী গৃহ নাছিল। কিন্তু বিটিচিৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত শিশু, মহিলাৰ তথা মানৱ সম্পদ বিকাশৰ বাবে অংগনৱাড়ী কেন্দ্ৰবোৰৰ নতুনকৈ স্থায়ীভাৱে গৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে । গ্ৰামোন্নয়নৰ এম জি এন আৰ ই জি এ আঁচনিৰ ধনেৰে অংগনৱাড়ী কেন্দ্ৰবোৰৰ স্থায়ী গৃহ নিৰ্মাণ কৰা হ’ব।
আটাইকেইটা আধাৰশিলা স্থাপন কাৰ্যক্ৰমণিকাত অতিথিৰূপে উপস্থিত থাকে ক্ৰমে জালাহ খণ্ড উন্নয়ন বিষয়া দৈমালু বসুমতাৰী, গোৱৰ্ধনা খণ্ড উন্নয়ন বিষয়া কুমুদ চন্দ্ৰ নাৰ্জাৰী, জালাহ উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণকান্ত মহিলা, সহকাৰী অভিযন্তা ধৰণীধৰ খেৰকটাৰী, এক্ৰিডিয়েট অভিযন্তা নৱদ্বীপ তালুকদাৰ, ইউপিপিএলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়ো, ইউপিপিএলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰী, ভিচিডিচিসমূহৰ অধ্যক্ষসকল ।
উল্লেখ্য যে শালবাৰী সমষ্টিৰ ১০খন ভিচিডিচিৰ অন্তৰ্গত মদনগুৰি, ৰাজাবিল, উধিয়াগুৰি, গৰেমাৰী, দাংগাপাৰা, পাটলা, কলবাৰী-বৰফেনা, চমুৱাগাতি, সোনাফূলি, বাথৌপুৰি, ঢেকীয়াজানি, দক্ষিণ ঢেকিয়াজানি, বুনমাজা, বুনমাজা পথাৰ, বুনমাজাগাও, কলবাৰী, কালপানী, চুণবাৰী, ননকে, খাগ্ৰাবাৰী, এলেঙামাৰী, এলেঙামাৰী চাৰি নং খণ্ড, ফাতেমাবাদ এক নং খণ্ড, ফাতেমাবাদ দুই নং খণ্ড আৰু বাৰেঙাবাৰীত পৃথকে পৃথকে অংগনৱাড়ী কেন্দ্ৰবোৰৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰা হয়।