কৰ’নাৰ ডেল্টাৰ ভয়ত কঁপিছে চীন

লোৰ পাতেৰে ঘৰ বন্ধ কৰিছে প্ৰশাসনে

পুনৰ কৰ’না ভাইৰাছৰ হাতোৰৰ কবলত পৰিছে চীন । ২০২০ৰ ডিচেম্বৰৰ পৰা দেশখনৰ সংক্ৰমণ বিশেষ নাছিল । অৱশ্যে শেহতীয়াকৈ ডেল্টা প্ৰজাতিৰ প্ৰকোপত চীনত সংক্ৰমণ হো-হোৱাই বাঢ়িবলৈ ধৰিছে । যাৰ আঘাতত নিশাৰ ভিতৰতে আতংক বিয়পি পৰিছে তেনে অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই অদ্ভুত পদক্ষেপ গ্ৰহণ কৰিলে চীন প্ৰশাসনে । নাগৰিকক একপ্ৰকাৰ গৰালবন্দী কৰি ৰখাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তেনে এক অভাৱনীয় পদক্ষেপৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত বিয়পি পৰিছে । ভিডিঅ’টোত দেখা গৈছে, চীনৰ চৰকাৰী কৰ্মীসকলে বিভিন্ন বাসগৃহৰ দুৱাৰত লোৰ পাত লগাই পথ বন্ধ কৰি দিছে ।

https://twitter.com/wakeupfrog01/status/1424688234349490179?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1424688234349490179%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.india.com%2Fnews%2Fworld%2Fvideos-show-chinese-officials-putting-iron-bars-on-houses-as-delta-variant-cases-surge-watch-4883260%2F

‘টাইৱান নিউজ’ৰ এক প্ৰতিবেদনত এই পদক্ষেপ সম্পৰ্কে অৱগত কৰিবলৈ গৈ ২০২০ৰ আৰম্ভণিৰ উহান চহৰৰ কথা উল্লেখ কৰা হৈছে । উহানত যেতিয়া হো-হোৱাই সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়াও এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল চীনা প্ৰশাসনে ।

সামাজিক মাধ্যমৰ বিভিন্ন মঞ্চত ভাইৰেল হোৱা একাংশ ভিডিঅ’ত দেখা গৈছে যে পিপিই কিট পৰিহিত চৰকাৰী কৰ্মীসকলে আহি বিভিন্ন বাসগৃহৰ দুৱাৰত লোৰ পাত লগাই দিছে, যাতে কোনেও ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰে । অৱশ্যে সকলো গৃহতে এইদৰে লোৰ পাত লগোৱা নাই । যিবোৰ পৰিয়ালৰ বিৰুদ্ধে বাহিৰলৈ ওলোৱাৰ অভিযোগ আছে, তেওঁলোককহে এইদৰে প্ৰায় গৰালবন্দী কৰা হৈছে ।

https://twitter.com/wakeupfrog01/status/1424669647513612302?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1424669647513612302%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.india.com%2Fnews%2Fworld%2Fvideos-show-chinese-officials-putting-iron-bars-on-houses-as-delta-variant-cases-surge-watch-4883260%2F

প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে যে কোনো লোকে যাতে নিজ গৃহৰ বাহিৰলৈ ওলাই নাহে । কাৰোবাৰৰ ঘৰৰ দুৱাৰ যদি তিনিবাৰতকৈ বেছি খোলা দেখা যায়, তেন্তে তেওঁক তৎকাল গ্ৰেপ্তাৰ কৰা হ’ব । নিৰীক্ষণ ব্যৱস্থা কিমান কঠোৰ হৈছে, তাৰ নিদৰ্শনো দেখা গৈছে এটা ভিডিঅ’ত । এজন লোকক ভিডিঅ’ত দেখা গৈছে, যি কোৱাৰেণ্টাইনৰ বিধি-নিষেধক অংগুষ্ঠ প্ৰদৰ্শন কৰি ‘বতাহ খোৱা’ৰ বাবে ৰাস্তালৈ ওলাইছিল । কিন্তু ঘৰলৈ উভতি অহাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

Exit mobile version