সৰভোগৰ টেঙাগাঁৱত ভুত বাংলাত পৰিণত বিশুদ্ধ খোৱা পানী আঁচনি, জহি-খহি গৈছে আঁচনিৰ মেচিন-ফিল্টাৰ

ভূমি দানকাৰীক চাকৰিৰ পৰা বঞ্চিত, ৰাজ্যৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ

বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগাঁৱত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ নামত চৰম ভেকোঁভাওনাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজৰ সুবিধাৰ বাবে ২০০৩ তে পানী যোগান আঁচনিটো নিৰ্মাণ কৰা হৈছিল যদিও আজিকোপতি টেঙাগাঁৱৰ ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী ।

দীৰ্ঘদিনৰ পৰা পানী যোগান বন্ধ হৈ থকাত ভুত বাংলাত পৰিণত হৈছে আঁচনিৰ গৃহ, জহি-খহি গৈছে মেচিন, ফিল্টাৰ অন্যান্য সামগ্ৰী । যেন গৰু, ছাগলী, শিয়াল, কুকুৰৰ বাসগৃহত পৰিণত হৈছে ।

ইফালে আঁচনিটো নিৰ্মাণৰ বাবে ভূমি দানকাৰীক চাকৰিৰ পৰা বঞ্চিত কৰাৰো অভিযোগ উত্থাপিত হৈছে । পানী যোগান আঁচনিৰ গৃহটো মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ বাবে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ দৃষ্টিগোচৰ কৰিছে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত লোকে ।

Exit mobile version