গোসাইগাঁৱত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

37110e2f f917 42fa a4f3 39d2ec1fcc74

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোসাইগাঁৱতো তীব্ৰ গতিত চলিছে প্ৰস্তুতি। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আজিৰ দিনটো বাকী।

১৫ আগষ্টৰ দিনা দেশ জুৰি উলহ মালহেৰে উদযাপন কৰা হ’ব ৭৫ সংখ্যক স্বাধীনতা দিৱস। পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া পেৰেডৰ গ্রুপৰ মাজত চলি আছে অনুশীলন।

প্ৰতি বছৰৰ দৰে এইবছৰো গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস।

ক’ৰনা ভাইৰাছ কিছু পৰিমাণে সাম কটাত এইবেলি আৰক্ষী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গোসাইগাঁও মহাবিদ্যালয়ৰ এন চি চি দল স্বাধীনতা দিৱসৰ কুচকাৱাজৰ অনুশীলন কৰি আছে।

ক’ৰনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বান্ধি দিয়া নিয়ম-নীতি পালন কৰি স্বাধীনতা দিৱসলৈ সাজু হৈছে গোসাইগাঁও মহকুমা প্ৰশাসন।

Exit mobile version