বৰঝাৰত অসম জাতীয় পৰিষদৰ এসপ্তাহজোৰা গণ-স্বাক্ষৰ সংগ্ৰহ অভিযান

বৰঝাৰৰ বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব: লুৰীণ

ba598eba e6ff 45a1 a9d7 7743093b7f1d

বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণ-স্বাক্ষৰ অভিযানৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে৷

বৰঝাৰৰ এয়াৰপোৰ্ট গে’ট তিনিআলিত দলে যোৱা ন আগষ্টৰ দিনা এই কাৰ্যসূচী আৰম্ভ কৰিছিল৷ আজি সপ্তাহজোৰা অভিযানৰ অন্তিম দিনা পাঁচ শতাধিক লোকে বিমান বন্দৰ আদানী গ্ৰুপক গতোৱা কাৰ্যৰ প্ৰতিবাদ-পত্ৰত স্বাক্ষৰ কৰে৷

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজিৰ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি কয় যে দলে আৰম্ভ কৰা গণ-সচেতনতা অভিযানৰ এয়া আৰম্ভণিহে৷ বিজেপি চৰকাৰে এপদ এপদকৈ দেশৰ সকলো লাভজনক উদ্যোগক নিৰ্দিষ্ট কিছুসংখ্যক পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়া এনে কাৰ্যৰ বিৰুদ্ধে দলে প্ৰতিবাদ অব্যাহত ৰাখিব৷

বিমান বন্দৰ আদানী গ্ৰুপক গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে জনমত গঠনৰ পৰৱৰ্তী পদক্ষেপ হিচাপে দলে এইবাৰ অনলাইনযোগে গণ-স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব৷

অসমবাসীৰ আবেগ জড়িত হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটি ভাৰত চৰকাৰে আদানী গ্ৰুপক ৫০ বছৰৰ কাৰণে লীজত দিছে৷ অহা অক্টোবৰ মাহৰ পৰা উক্ত ব্যক্তিগত কোম্পানীটোয়ে বিমান বন্দৰৰ অপাৰেচন, ডেবেলপমেন্ট আৰু মেনেজমেন্টৰ দায়িত্ব গ্ৰহণ কৰিব৷ তাৰ পূৰ্বে যোৱা ন আগষ্টৰ দিনা আদানী গ্ৰুপে বিমান বন্দৰটিৰ উক্ত কামখিনিৰ পৰ্যবেক্ষণৰ দায়িত্ব লৈছে৷

আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পূৰ্বেই আদানী গ্ৰুপে ইতিমধ্যে বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলক আবাসগৃহ খালী কৰা আৰু বিমান বন্দৰ চৌহদৰ বাহিৰত দোকান-পোহাৰ দি থকা ব্যৱসায়ীসকলক দোকান-পোহাৰবোৰ বন্ধ কৰি ঠাই খালী কৰিবলৈ নিৰ্দেশনা দিয়া বুলি একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰিছে৷

অসম জাতীয় পৰিষদে বিমান বন্দৰটি ব্যক্তিগত কোম্পানীক গতোৱাৰ বিৰোধিতা আৰম্ভণিৰে পৰা কৰি আহিছে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত জাতীয় পৰিষদে একাধিক স্মাৰকপত্ৰ প্ৰেৰণ কৰি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

যোৱা ন আগষ্টত বিমান বন্দৰ চৌহদৰ বাহিৰত জাতীয় পৰিষদে বিষয়টো সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ হকে গণ-স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও আৰক্ষীৰ বাধাৰ বাবে সেইদিনা উক্ত কাৰ্যসূচী স্থগিত ৰখা হৈছিল৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি কাৰ্যসূচী ৰূপায়নৰ অনুমতি বিচৰা হৈছিল যদিও প্ৰশাসনে অনুমতি নিদি আদানী গ্ৰুপৰ পক্ষ্য লয়৷

তাৰ পিছদিনা আৰক্ষীৰ বাধা ওফৰাই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বিচৰা জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ দলক আৰক্ষীয়ে আটক কৰি আজাৰা থানাত দিনটো বন্দী কৰি থয় আৰু সন্ধিয়া মুকলি কৰি দিয়ে৷

আজি সপ্তাহজোৰা গণ-স্বাক্ষৰ সংগ্ৰহ অভিযানৰ অন্তিম দিনা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ পাঁচ শতাধিক নেতা-কৰ্মীৰ উপস্থিতিত স্বাক্ষৰ সংগ্ৰহ অনুষ্ঠানত সভাপতি গগৈয়ে কয় যে লাভজনক প্ৰতিষ্ঠান হিচাপে দেশৰ ভিতৰত প্ৰথম শাৰীত থকা তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত আৰু অসমবাসীৰ আবেগ বিজড়িত এই বিমান বন্দৰটি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া জনবিৰোধী কাৰ্যৰ জাতীয় পৰিষদে সদায় বিৰোধিতা কৰি যাব৷

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এটি সুকীয়া প্ৰেছ বিজ্ঞপ্তিত কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটি লাভজনক বিমান বন্দৰ হিচাপে দেশৰ ভিতৰত অগ্ৰগণ্য৷

বিমান বন্দৰটিত ইতিমধ্যে ১২৩২ কোটি টকা খৰচ কৰি এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে৷ উক্ত সৰ্বমুঠ ধনখিনি চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হৈছে৷ চৰকাৰী ধন খৰচেৰে বিমান বন্দৰটি আটকধুনীয়াকৈ সজোৱাৰ পাছত এতিয়া চৰকাৰে বিমান বন্দৰটি আদানী গ্ৰুপৰ হাতত তুলি দিছে কাৰ স্বাৰ্থত?

যাত্ৰীৰ স্বাৰ্থত বিমান বন্দৰটি ব্যক্তিগতকৰণ কৰিব খোজা হৈছে বুলি চৰকাৰে কৈ আছে যদিও যাত্ৰীক সুবিধা প্ৰদানৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰা হ’ব৷ গতিকে চৰকাৰৰ উক্ত যুক্তি সমৰ্থনযোগ্য নহয়৷ তদুপৰি বিমান বন্দৰৰ ‘গ্ৰাউণ্ড হেন্ডলিং’ আৰু পাৰ্কিং আদিত অতি উচ্চ হাৰত মাচুল সংগ্ৰহৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰি দিয়া আদানা গ্ৰুপে যে ব্যাপক লুণ্ঠনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সেয়া স্পষ্ট৷

এনে প্ৰেক্ষাপটত বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰক সমৰ্থন কৰাটো এটা জনবিৰোধী কাৰ্য হ’ব আৰু সেয়ে বিমান বন্দৰটি আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷

Exit mobile version