সৰভোগৰ টেঙাগাৱত ভূত বাংলাত পৰিণত বিশুদ্ধ খোৱা পানী যোগান আঁচনি

9f43b54c e258 468f 9187 3394a71344d7

বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগাৱত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ নামত চৰম ভেকোঁভাওনাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাইজৰ বাবে ২০০৩ চনত আঁচনিটো নিৰ্মাণ কৰা হৈছিল যদিও আজি পৰ্যন্ত টেঙাগাৱৰ ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী। দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিটো বন্ধ হৈ থকাৰ কাৰণে ভূত বাংলাত পৰিণত হৈছে । আঁচনিৰ আবাসগৃহ, জহিখহি গৈছে।

মেচিন, ফিল্টাৰ অন্যান্য সামগ্ৰী বিকল হৈ পৰিছে। যেন গৰু, ছাগলী, শিয়াল, কুকুৰৰ বাসগৃহত পৰিণত হৈছে পানী যোগান আঁচনিটো। ইফালে আঁচনিটো নিৰ্মাণৰ বাবে ভূমি দানকাৰীক চাকৰিৰ পৰা বঞ্চিত কৰাৰো অভিযোগ উত্থাপিত হৈছে।

যি সময়ত ৰাজ্য চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰিছে। ঠিক সেই সময়তে সৰভোগৰ টেঙাগাৱত থকা এই আঁচনিটোয়ে চৰকাৰৰ ব্যৰ্থতা উদঙাইছে।

এই ক্ষেত্ৰত আঁচনিৰ গৃহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ বাবে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ দৃষ্টিগোচৰ কামনা কৰিছে ৰাইজে।

Exit mobile version