যুৱতীসকলৰ বাবে দুৱাৰ মুকলি কৰিলে দেশৰ সৈনিক বিদ্যালয়, লালকিল্লাত ঘোষণা কৰিলে প্ৰধান মন্ত্ৰীয়ে

a799b08f23dab7972a900d5035c6808e original

যুৱতীসকলৰ বাবে সৈনিক বিদ্যালয়ৰ দুৱাৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি ৭৫ সংখ্যক স্বাধীনতা দিৱসত তেওঁ লালকিল্লাৰ পৰা ঘোষণা কৰে যে দেশৰ সকলো সামৰিক বিদ্যালয়ে এই সময়ৰ পৰা ছোৱালীভৰ্তি কৰিবলৈ সক্ষম হ’ব।

ADVERTISEMENT

মোদীয়ে কয়, “মই ছোৱালীৰ পৰা এই বিষয়ে বহুতো চিঠি পাইছো। গতিকে চৰকাৰে আমাৰ ছোৱালীসকলৰ বাবেও সৈনিক বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে ।”

বৰ্তমান দেশত ৩৩ খন সৈনিক বিদ্যালয় আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সৈনিক স্কুল চছাইটি সেইবোৰ পৰিচালনাৰ দায়িত্বত আছে। শিক্ষাৰ্থীসকলক কম বয়সৰ পৰাই সেনাৰ বাবে উপযুক্ত কৰি তুলিবলৈ সৈনিক বিদ্যালয় স্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে, ২০১৮-১৯ শিক্ষাবৰ্ষত, মিজোৰামৰ এখন সৈনিক বিদ্যালয়ৰ দুৱাৰ ছোৱালীৰ বাবে মুকলি কৰা হৈছিল। এইবাৰ, কেন্দ্ৰই ছোৱালীসকলক সামগ্ৰিকভাৱে সৈনিক বিদ্যালয়ত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত কৰিলে।

Exit mobile version