আফগানিস্তানৰ নজন ছাত্ৰক ‘আশ্ৰয়’ বম্বে আইআইটিৰ

MB knowledge tree

আফগানিস্তানৰ ছাত্ৰসকলক ভাৰতৰ কেম্পাছত থাকি পঢ়াৰ অনুমতি দিলে বম্বে উচ্চ ন্যায়ালয়ে । তালিবান অভ্যুত্থানৰ পাছত আফগানিস্তানৰ পৰা পঢ়াত তেওঁলোকৰ অসুবিধা হ’ব পাৰে বুলিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আইআইটি কৰ্তৃপক্ষই । লগতে তেওঁলোকে জনাইছে, যদি এই ছাত্ৰকেইজনে এতিয়া আফগানিস্তানৰ পৰা ভাৰতলৈ আহিব‌ নোৱাৰে, তেন্তে তেওঁলোকৰ বাবে আসন সংৰক্ষিত ৰখাৰ চেষ্টা কৰা হ’ব । এই ক্ষেত্ৰত পৰৱৰ্তী শিক্ষা বৰ্ষত আহি শিক্ষাগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ।

এই বছৰ আফগানিস্তানৰ পৰা মুঠ নজন ছাত্ৰ‌ই বম্বে আইআইটিত পঢ়াৰ সুযোগ লাভ কৰিছিল । কিন্তু নামভৰ্তি হয় যদিও ভাৰতত অহাৰ সুযোগ নাপায় । আফগানিস্তানৰ পৰাই অনলাইনত ক্লাছ কৰি আছিল তেওঁলোকে । ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লে ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছিল । কিন্তু দেওবাৰৰ পাছত দেশৰ আৰু নিজৰ ভৱিষ্যক লৈ অনিশ্চয়তাত ভুগিছে শিক্ষাৰ্থীসকল ।

তেওঁলোকৰ ভয়, যিকোনো মুহূৰ্তত ইণ্টাৰনেট সেৱা বন্ধ হৈ যাব পাৰে । বিদ্যুৎ সেৱাও বন্ধ হৈ যাব পাৰে । ফলত অনলাইন ক্লাছো কৰিব নোৱাৰিব । বিষয়টো জনায় বম্বে আইআইটিৰ কাষৰ কেম্পাছত থাকি পঢ়া-শুনা কৰাৰ অনুৰোধ কৰিছিল ছাত্ৰকেইজনে ।

বম্বে আইআইটিৰ মুৰব্বী শুভাশিস চৌধুৰীয়ে জনায়, আফগানিস্তানৰ ছাত্ৰসকলক ভাৰতত আহি বম্বে আইআইটিৰ কেম্পাছত থাকি পঢ়াৰ অনুমতি দিয়া হৈছে ।

দেওবাৰে নিশা কাবুলত ৰাষ্ট্ৰপতি ভৱন দখল কৰে তালিবানে । দেশৰ ক্ষমতা হস্তান্তৰৰ বৃত্ত সম্পূৰ্ণ হয় তাৰ পৰাই । নতুন তালিবান শাসনক লৈ প্ৰতি মুহূৰ্তত অনিশ্চয়তাত ভুগিছে লোক । এনে সময়তে ইণ্টাৰনেট আৰু টেলিভিছন সম্প্ৰচাৰৰ দৰে সেৱা বন্ধ হোৱাৰ সম্ভাৱনা অধিক ।

ইপিনে, আফগানিস্তানৰ যাতায়তৰ বিমান সেৱা সম্প্ৰতি বিপৰ্য্যস্ত । সেয়ে এই বিষয়ত লক্ষ্য ৰাখি ছাত্ৰসকলক অন্য এটা বিকল্প দিছে বম্বে আইআইটিয়ে । তেওঁলোকে জনায়, ছাত্ৰসকলে ভাৰতত আহিব নোৱাৰিলেও তেওঁলোকৰ বাবে আসন সংৰক্ষণ কৰাৰ চেষ্টা কৰা হ’ব । এই ক্ষেত্ৰত আগন্তুক বৰ্ষত ভাৰতত আহি শিক্ষাগ্ৰহণ কৰিব পাৰিব তেওঁলোকে ।

Exit mobile version