কলগাছিয়াৰ সাওৰাচৰা, মজিদভিটাত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া

খহনীয়াগ্ৰস্ত ৰাইজৰ দ্বাৰা সাংসদ আব্দুল খালেক, বিধায়ক ৰফিকুল ইছলাম আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিকৃতি দাহ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওৰাচৰা আৰু মজিদভিটা গাঁৱত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া । চপৰা-চপৰে নৈ পৰীয়া ৰাইজৰ ভেটি মাটি খহিছে । যোৱা কেইদিনত নৈৰ বুকুত ২০ টাকৈ পৰিয়ালৰ সৰ্বস্ব জাহ গৈছে ।

সম্প্ৰতি গৰাখহনীয়াগ্ৰস্তৰ আশ্ৰয়স্থান গছৰ তলত নতুবা পথৰ দাঁতিত । ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।সেয়ে আজি ক্ষোভিত ৰাইজে স্থানীয় সাংসদ আব্দুল খালেক, বিধায়ক ৰফিকুল ইছলাম আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, পিযুষ হাজৰিকা মুৰ্দাবাদ, আব্দুল খালেক মুৰ্দাবাদ, হাফিজ ৰফিকুল মুৰ্দাবাদ, গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

Exit mobile version