কাবুল সন্দৰ্ভত জৰুৰী বৈঠক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত

s jaishankar 571 855

আফগানিস্তানৰ ৰাজনৈতিক পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত হ’ব ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত । সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হ’ব । নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাছিয়াই এই বৈঠকৰ আহ্বান জনাইছে ।

সংবাদ সংস্থা পিটিআই-ক ৰাছিয়াৰ বেদেশিক মন্ত্রণালয়ৰ বিষয়া জামিৰ কাবুলভে কয়, ‘‘তালিবানে আফগানিস্তান দখল কৰিছে । এনে পিস্থিতিত পাঁচ স্থায়ী সদস্য ৰাছিয়া, আমেৰিকা, চীন, ব্রিটেইন আৰু ফ্রান্সে এই বিষয়ে আলোচনা কৰিব ।’’ যদিও কাবুলৰ দূতাবাসৰ পৰা কর্মীসকলক উভতোৱা নাই ৰাছিয়াই । কাবুলভে জনায়, তেওঁলোকক তালিবানে প্রতিশ্রুতি দিছে যে তাত থকা কর্মীসকলৰ একো ক্ষতি নহয় ।

নিৰাপত্তা পৰিষদৰ অধীনস্থ ১৯৩খন দেশৰ ভিতৰত কেইখনমান দেশে তালিবানৰ এই আগ্রাসনৰ বিৰোধিতা কৰিছে । তেওঁলোকৰ ভিতৰত অন্যতম ভাৰত । নতুন দিল্লীয়ে জনাইছে, তালিবান চৰকাৰক স্বীকৃতি দিয়া নহ’ব ।

প্রসংগত, ভাৰতক হুংকাৰ দিছে তালিবানেও । ইতিমধ্যে যোৱা ৩০ জুলাইত ৰাষ্ট্রসংঘৰ এখন কার্যালয়ত আক্ৰমণ চলাইছিল তালিবানে । এজন নিৰাপত্তাৰক্ষী নিহত হয় । এনে পৰিস্থিতিতে জয়শংকৰৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হ’ব নিৰাপত্তা পৰিষদত । সম্প্ৰতি এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version