প্ৰীতি ফুটবল খেলত অবিবাহিত দলৰ জয়লাভ

WhatsApp Image 2021 08 16 at 7.59.39 PM

দেশৰ স্বাধীনতা দিৱস উপলক্ষে অইন বছৰৰ দৰে এইবাৰো জটলগা গোষ্ঠীৰ উদ্যোগত আৰু হাউলী ক্ৰীড়া সন্থাৰ সহযোগত ২৭ সংখ্যক প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ।

অবিবাহিত দল আৰু বিবাহিত দলৰ মাজত তীব্ৰ প্ৰত‍্যাহ্বান হোৱা খেলখনত নিৰ্ধাৰিত সময়লৈকে ১-১ গলত অমীমাংসিত হয় ।
পাছত ট্ৰাইবেকাৰৰ সহায়ত অবিবাহিত দলে ৩-২ ব‍্যৱধানত জয়লাভ কৰে ।

খেলখনত ৰেফাৰী কৰে লক্ষীকান্ত দাসে‌ । উক্ত খেলখনত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক,‌ হাউলী পৌৰসভাৰ কাৰ্যবাহী বিষয়া নিমাশ্ৰী ডাউকা, বিটিচিৰ ২০নং মথনগুৰি সমষ্টিৰ এম চি এল গৌতম দাসৰ লগতে বিশিষ্ট ব‍্যক্তিসকল উপস্থিত থাকে ।

Exit mobile version