ফকিৰাগ্ৰামত বিভিন্ন কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কল্পজ্যোতি ফাউণ্ডেচনৰ

WhatsApp Image 2021 08 16 at 4.37.04 PM

কোকৰাঝাৰ জিলাৰ অধীন ফকিৰাগ্ৰামত কল্পজ্যোতি ফাউণ্ডেচনে দিনজোৰা  কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰে । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ নৃত্যৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগতে দুখীয়া দৰিদ্ৰ লোকসকলক দুপৰীয়া এসাঁজ আহাৰ বিতৰণো কৰে ।

চিত্ৰাংকন প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্রহণ কৰি বিজয়ী হোৱা প্ৰতিযোগিসকলক কল্পজ্যোতি ফাউণ্ডেচনৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা, চি অ’, ভিডিঅ’ৰ লগতে ফকিৰাগ্ৰাম থানাৰ আৰক্ষীসকল ।

Exit mobile version