এইবাৰ আর্থিক চাপত আফগানিস্তান, দেশ ত্যাগ কৰি পলায়ন কেন্দ্রীয় বেংকৰ গভর্নৰৰ

Ajmal Ahmadi 768x512 1

আফগানিস্তান এৰি পলায়ন সেই দেশৰ কেন্দ্রীয় বেংকৰ কার্যনির্বাহী গভর্নৰ আজমল আহমেদিৰ । তালিবানে অফগানিস্তান দখল কৰাৰ পাছতে, দেওবাৰে কাবুল বিমানবন্দৰৰ পৰা দেশ ত্যাগ কৰে আজমলে । ৰাজনৈতিক অস্থিৰতাৰ বাবে ইয়াৰ আগতেই আফগানিস্তানৰ টকাৰ (আফগানি) মূল্য হ্ৰাস পাইছিল । এক ডলাৰ এতিয়া ৮৩ আফগানি । টুইটাৰত আজমলে লিখে, ‘শুকুৰবাৰে আফগান কেন্দ্রীয় বেংকে আন্তর্জাতিক বাজাৰত ডলাৰ নপঠাই বুলি ঘোষণা কৰিছে ।’ ফলত দেশখনৰ নিজস্ব অর্থনৈতিক ব্যৱস্থাত আতংকৰ সৃষ্টি হৈছে ।

আজমলে লিখে, ‘পৃথককৈ প্রশাসনিক কর্তাসকলৰ কোনো ধৰণে পলায়নৰ পৰিকল্পনা নাছিল । কিন্তু প্রাক্তন ৰাষ্ট্ৰপতি আছৰফ গনিয়ে অন্তর্বর্তিকালীন চৰকাৰ গঠন নকৰাকৈয়ে হঠাৎ দেশ ত্যাগ কৰে । ফলত এনে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয় ।’

শনিবাৰে এই সন্দৰ্ভত পৃথককৈ বেংক আৰু বৈদেশিক মুদ্রা লেনদেনৰ সংস্থাবোৰৰ স’তে বৈঠকত মিলিত হৈছিল আজমল। বৈঠকত এই সংস্থাবোৰক শীতল মগজেৰে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ কয় । দেওবাৰেও তেওঁ কর্মক্ষেত্রত গৈছিল । সেই দিনা কৰ্মক্ষেত্ৰৰ পৰা ওলায়েই বিমানবন্দৰলৈ আহে । আহি দেখে, তেওঁ যাবলগীয়া বিমানখনত, তিনিশজন বহি আছে । কিন্তু বিমানত ইন্ধন নাই আৰু চালকো নাই । অৱশ্যে পৰৱৰ্তী সময়ত তেওঁক সেই বিমানতেই দেশ ত্যাগ কৰা প্ৰত্যক্ষ কৰে বহুতে ।

যোৱাৰ সময়ত তেওঁ টুইটত লিখে, ‘এনেদৰে সকলো শেষ হোৱাটো ম‌ই নিবিচাৰো । কিন্তু ম‌ই অতি হতাশ আফগান প্রশাসনিক নেতৃত্বৰ পৰিকল্পনাৰ অভাৱ দেখি ।’

Exit mobile version