জম্মু-কাশ্মীৰত বিজেপি কৰ্মী জাভেদ আহমেদ দাৰক গুলীয়াই হত্যা

162940 pvoaitzeer 1629206083

জম্মু-কাশ্মীৰৰ কুলগামত ব্ৰাজলু-জাগিৰ গাঁৱত মঙলবাৰে এজন বিজেপি কৰ্মীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীসকলে । মৃতকজন জাভেদ আহমেদ দাৰ । তেওঁ হম ছাহিল বাগ নিৰ্বাচনী ক্ষেত্ৰৰ সক্ৰিয় বিজেপি কৰ্মী আছিল ।

দলীয় কৰ্মী হত্যাৰ তীব্ৰ নিন্দা কৰিছে বিজেপিয়ে । তেওঁলোকে সন্ত্ৰাসবাদীসকলৰ এই কাণ্ডক লজ্জাজনক আৰু কাপুৰুষ বুলি উল্লেখ কৰিছে । জম্মু-কাশ্মীৰ বিজেপিৰ মিডিয়া চেলৰ প্ৰধান মনজুৰ আহমেদে কয়, ‘দলীয় কৰ্মী আহমেদ জাৰৰ হত্যাৰ ঘটনাক গৰিহণা দিছো । এইটো ঘৃণনীয় আৰু কাপুৰুষ কাণ্ড । তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো ।’

জম্মু-কাশ্মীৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ওমৰ আব্দুল্লায়ো এই ঘটনাক গৰিহণা দিছে । তেওঁ কয়, ‘কুলগামৰ মৰ্মান্তিক খবৰ । ষড়যন্ত্ৰ কৰি তেওঁৰ হত্যা কৰা হৈছে । ম‌ই এই সন্ত্ৰাসবাদী ঘটনাৰ নিন্দা কৰিছো আৰু জাভেদৰ পৰিয়াল আৰু সহকৰ্মীসকলক সমবেদনা জনাইছো । আল্লাই তেওঁক স্বৰ্গত স্থান দিয়ক ।’

Exit mobile version