পেগাছাছ ক্ৰয় কৰাৰ সন্দৰ্ভত নিমাত কেন্দ্ৰ

1623918602 8217

পেগাছাছ-কাণ্ডত বিৰোধীসকলৰ প্রধান প্রশ্ন আছিল, নৰেন্দ্র মোদী চৰকাৰে ইজৰাইলৰ পৰা ফোনত দৃষ্টি ৰখা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছে নে নাই কৰা ? কেন্দ্রীয় চৰকাৰে পেগাছাছ সন্দৰ্ভত সংসদত বিবৃতি দিলেও প্রশ্নৰ উত্তৰ দিয়া নাই । আজি উচ্চতম ন্যায়ালয়ে পেগাছাছ সন্দৰ্ভত তিন পৃষ্ঠাৰ হলফনামা দিছে যদিও কেন্দ্র‌ই প্ৰকাশ কৰা নাই ।

চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে নে কৰা নাই, তাৰ উত্তৰ নাই দিয়া যদিও মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায়, কিছু কাম্য স্বার্থত ভুল ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে । সেয়া আঁতৰ কৰিবলৈ আৰু সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিবৰ বাবে বিশেষজ্ঞসকলৰ কমিটী গঠন কৰা হ’ব ।

পেগাছাছ-কাণ্ডত নিৰপেক্ষ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত কে’বাটাও গোচৰ ৰুজু কৰা হৈছিল । কেন্দ্রেৰ হলফনামা দেখি গোচৰকাৰীসকলে প্রশ্ন উত্থাপন কৰিছিল, চৰকাৰে ইজৰাইলৰ এন‌এছ‌অ’ সংস্থাৰ পৰা পেগাছাছ ক্ৰয় কৰিছে নে নাই সেয়া কিয় স্পষ্ট নকৰে ?

আজি উচ্চতম ন্যায়ালয়ৰ শুনানিত প্রধান বিচাৰপতি এন ভি ৰমণা কেন্দ্রৰ ছলিছিটৰ জেনেৰেলে তুষাৰ মেহতাক কয়, ‘‘চৰকাৰে পেগাছাছ ব্যৱহাৰ কৰিছে নে কৰা নাই, সেই বিষয়ে হলফনামাই গোচৰকাৰীসকলক সন্তুষ্ট কৰিব পৰা নাই ।’’ মেহতাই উলোটাই প্রশ্ন কৰে, “এক পৃষ্ঠাৰ হলফনামাৰে চৰকাৰে, পেগাছাছ ব্যৱহাৰ কৰা নাই বুলি ক’লে, তেওঁলোকে গোচৰ প্ৰত্যাহাৰ কৰিব ? উত্তৰ হ’ল, নাই কৰা ।”

বিচাৰপতিসকলে কয়, ‘‘যি দেখিছো, আপোনালোকে কোনো অৱস্থান ল’ব বিচৰা নাই ।’’ বিচাৰপতিসকলে প্রশ্ন কৰে, ‘‘আপোনালোকে যি ক’ব বিচাৰে, হলফনামা দি নকয় কিয় ? আমাৰ বাবেও বিষয়টো স্পষ্ট হ’ব !’’

ৰাহুল গান্ধী, অভিষেক বন্দ্যোপাধ্যায়ৰ পৰা আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রী, সাংবাদিক, সমাজকর্মী, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, অধিবক্তা, নির্বাচন কমিচনাৰ, চিবিআই-কর্তাসহ একাধিক ব্যক্তিৰ ম’বাইল হেক্ কৰি দৃষ্টি ৰখাৰ অভিযোগ উত্থাপিত কৰি, বিগত প্রায় চাৰি সপ্তাহ সংসদৰ অধিবেশন অচল হৈ পৰিছিল।

মোদী চৰকাৰে সকলোৰে ফোনত দৃষ্টি ৰাখিছে বুলি অভিযোগৰ সন্মুখীন হোৱা তথ্যপ্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছিল, ‘‘বেআইনিভাৱে কাৰো ফোনত দৃষ্টি ৰখা নাই ।’’ তেওঁৰ মন্ত্রণালয়ৰ অতিৰিক্ত সচিবেই হলফনামা দি সকলো অভিযোগ অস্বীকাৰ কৰিছে ।

চৰকাৰৰ দাবী, অনুমান, আন্দাজ আৰু সংবাদ মাধ্যমৰ ভিত্তিহীন ৰিপ’র্টৰ ওপৰত নিৰ্ভৰ কৰি গোচৰ ৰুজু কৰা হৈছে । সংসদৰ অধিবেশনৰ ঠিক আগ মুহূৰ্তত কেনেকৈ সংবাদমাধ্যমত ৰিপ’র্ট প্রকাশ হ’ল, মেহতাই এই প্রশ্নও দাঙি ধৰে ।

গোচৰকাৰীসকলৰ হৈ অধিবক্তা কপিল ছিব্বলে প্রশ্ন কৰে, ২০১৯ত প্রথম হোৱাটছেপৰ মাধ্যমত পেগাছাছ স্পাইৱেৰ দি
দৃষ্টি ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত কেন্দ্র‌ই নিজেই সংসদত এই কথা স্বীকাৰ কৰিছিল । এতিয়া চৰকাৰে কেনেকৈ ক’ব পাৰে, তেওঁলোকে একো নাজানে ? চৰকাৰে নিজে কোনো তথ্য দিয়া নাই । অথচ অনুমানৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি দাবী কৰিছে । যদি চৰকাৰে পেগাছাছ ক্ৰয় কৰা নাই, তেনেহ’লে কমিটীৰ প্ৰয়োজন নাই। যদি চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে, তেন্তে কমিটীয়ে কি কৰিব ?

ছিব্বলে কয়, ‘‘গণতন্ত্রৰ দুই স্তম্ভ, বিচা বিভাগ আৰু সংবাদমাধ্যমক লৈ আমি উদ্বিগ্ন । এই দুই প্রতিষ্ঠান মানুহৰ অধিকাৰ ৰক্ষা কৰা । সেয়ে ইয়াত মাত নমতাকৈ থাকিব নোৱাৰি ।’’ ছিব্বলৰ দাবী, ‘‘গৃহমন্ত্ৰীৰ অনুমতিতে দৃষ্টি ৰখা হৈছে । ইয়াৰ পৰিৱৰ্তে তথ্যপ্রযুক্তি মন্ত্রণালয়ৰ অতিৰিক্ত সচিবে হলফনামা দিছে । কেবিনেট সচিবক হলফনামা দিবলৈ ক‌ওক ।’’

ছলিছিটৰ জেনেৰেলে উলোটাই যুক্তি দিয়ে, ইয়াত দেশৰ নিৰাপত্তাৰ প্রশ্ন জড়িত হৈ আছে । স্পর্শকাতৰ বিষয়ক লৈ উত্তেজনা সৃষ্টিৰ চেষ্টা কৰা হৈছে । ছিব্বলে উলোটাই যুক্তি দিয়ে, চৰকাৰে পেগাছাছ ক্ৰয় কৰিছিল নে নাই, সেয়া কোৱাৰ লগত দেশৰ নিৰাপত্তাৰ কোনো সম্পৰ্ক নাই । অহা কালিও শুনানি হ’ব । কেন্দ্র‌ই এই বিষয়ত আৰু হলফনামা দিব নে নাই, তাক লৈ বিচাৰপতিসকলে চৰকাৰক অহা কালিৰ ভিতৰত মনস্থ কৰিব কৈছে ।

Exit mobile version