বানপানী সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিটিআৰ চৰকাৰেঃ প্ৰমোদ বড়ো

WhatsApp Image 2021 08 17 at 8.02.18 PM

চিৰাং জিলাৰ আই নদীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত অসমৰ জলসম্পদ মন্ত্রী পিযুষ হাজৰিকা, বিটিআৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীৰ উপৰিও বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বানপানীত প্লাবিত হোৱা আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে । কোকৰাঝাৰত উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ ওপৰত বিটিআৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু অলপ দিনৰ ভিতৰতে এই সমস্যা সমাধানৰ বাবেও ব্যৱস্থা গ্রহণ কৰিব ।

লগতে আৰু কয় যে বিটিআৰৰ ইউপিপিএল, বিজেপি, জিএছপি নেতৃত্বাধীন চৰকাৰখন দুখীয়া মানুহৰ চৰকাৰ। এই চৰকাৰে দুখীয়া মানুহৰ মংগলৰ বাবে কাম কৰি আছে আৰু ভবিষ্যতেও কৰিব । ইতিমধ্যে বিটিআৰ চৰকাৰে গৰাখহনীয়া সমস্যাকে ধৰি নিবনুৱা সমস্যাও ৰোধ কৰাৰ বাবে বিভিন্ন আচনি যুগুত কৰি আছে ।

কোকৰাঝাৰ সদৰ চহৰৰ বাবেও বিশেষ কিছুমান আঁচনি হাতত লোৱাৰ কথাও বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য বড়োয়ে সদৰী কৰে।

Exit mobile version