ভাৰতীয় অভিযানৰ কৰ্মচাৰীসকলক যকি দৰে প্ৰত্যাহ্বানপূৰ্ণ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে ওলিয়াই অনা হৈছিল!

gettyimages 1234713059

1234713059

দুখন ভাৰতীয় বিমান বাহিনী চি-১৭ পৰিবহণে, ১৫ আগষ্টত ভাৰতীয় দূতাবাসৰ কৰ্মীসকলক উদ্ধাৰ কৰিবৰ বাবে কাবুললৈ ৰাওনা হয়, য’ত অভিযান ৰক্ষাকাৰী ভাৰত-তিব্বত সীমান্ত আৰক্ষীও জড়িত হৈ আছিল । ভাৰতীয় অভিযানৰ কৰ্মচাৰীসকলক যি প্ৰত্যাহ্বানপূৰ্ণ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে ওলিয়াই অনা হৈছে তাৰ বিৱৰণী এতিয়া প্ৰকাশ পাইছে ।

সূত্ৰ অনুসৰি, ১৫-১৬ আগষ্টৰ নিশা পৰিস্থিতি অতি সংকতাপন্ন হৈ পৰে ফলত উদ্ধাৰ কাৰ্য সম্ভৱ নহয় । ভাৰতীয় দূতাবাস তালিবানৰ পৰ্যবেক্ষণত আছিল আৰু উচ্চ সুৰক্ষিত গ্ৰীণ জ’ন – বৃহৎ দুৰ্গযুক্ত জিলা য’ত সৰহসংখ্যক দূতাবাস আৰু আন্তৰ্জাতিক সংস্থা আছে সেইসমূহ উলংঘন কৰা হৈছিল ।

ভাৰতত ভ্রমণ কৰা আফগানীসকলৰ ভিছা প্রক্রিয়া কৰা ছাহিৰ ভিছা এজেন্সিত তালেবানীসকলে অভিযান চলায় । তেওঁলোকে জনায় যে, কালি আইএএফ বিমানত উদ্ধাৰ কৰা ভাৰতীয় কর্মীৰ ৪৫ জনীয়া প্রথম বেচক বিমানবন্দৰত যোৱাৰ পথত তালিবান সেনাই বাধা দিছিল ।

কেইজনমান ভাৰতীয় কর্মীৰ ব্যক্তিগত সামগ্ৰী তালিবানীসকলে বিমানবন্দৰত যোৱাৰ সময়ত হস্তক্ষেপ কৰে । কাবুলৰ পৰা ৰাওনা হোৱা প্রথম ভাৰতীয় পৰিবহন বিমানখন বিমানবন্দৰৰ বিশৃংখলতাৰ বাবে অতি প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰে উৰণ আৰম্ভ কৰিছিল, কিয়নো হেজাৰ হেজাৰ হতাশ আফগানীসকলে দেশ ত্যাগ কৰিব বিচাৰিছিল ।

ভাৰতীয় কূটনৈতিক দলৰ বাকী সদস্যসকলে কালি বিমানবন্দৰত যোৱা পথ বন্ধ হৈ পৰাত ওলাই আহিব নোৱাৰে । মার্কিন মন্ত্রী এন্টনি ব্লিংকেন আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ মাজত ভাৰতীয় কর্মীসকলক কাবুল বিমানবন্দৰত স্থানান্তৰিত কৰাত সহায় কৰিবলৈ নিশা বৈঠক অনুষ্ঠিত হয় ।

ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টণ্ডনসহ ভাৰতীয় অভিযানৰ  বাকী থকা ১২০ জন সদস্য‌ই দ্বিতীয়খন আইএএফ চি-১৭ বিমানৰ সহায়ত আফগানিস্তান ত্যাগ কৰে আৰু গুজৰাটৰ জামনগৰত অৱতৰণ কৰে ।

Exit mobile version