মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু শিক্ষা বিভাগৰ জাননীক বুঢ়া আঙুলি কলেজ অধ্যক্ষৰ

ক'ভিড প্ৰ'ট'কল উলংঘাৰে কৰিলে নামভৰ্তি, মাছুল গ্ৰহণ

কৰ’না মহামাৰীৰ বাবে এফালে আন্তঃজিলা যাতায়ত বন্ধ, আনফালে শিক্ষানুষ্ঠানসমূহো বন্ধ হৈ আছে ৷ চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ বিশেষকৈ, ছাত্ৰ-ছাত্ৰীসকল যাতে ক’ভিড আক্ৰান্ত নহয় সেয়ে চৰকাৰে শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সমাগম বন্ধ কৰি ৰাখিছে ৷

চৰকাৰ আৰু উচ্চ শিক্ষা সঞ্চালক উভয়ে কলেজত নামভৰ্তি প্ৰক্ৰিয়া অনলাইনযোগেহে অনুষ্ঠিত কৰিবলৈ নিদেৰ্শ দিছিল ৷ এই নামভৰ্তি বিনামূলীয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰাৰ উপৰি যোৱা দুই আগষ্টত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়েে G(B) Misc/41/2021/2220 নং জাননী দ্বাৰা কলেজ অধ্যক্ষসকলক ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত কোনো মাছুল ল’ব নোৱাৰিব বুলি নিদেৰ্শনা জাৰি কৰিছিল ৷ সেই অনুসৰি, অসমৰ প্ৰায় সকলো কলেজে কেৱল অনলাইন (Online) যোগে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মাছুল লোৱা-নোলোৱা সম্পৰ্কত চৰকাৰৰ নতুন নিদেৰ্শনা জাৰি হোৱালৈ অপেক্ষা কৰি নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা মাছুল লোৱা নাই ৷

কিন্তু শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা কলেজে মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু শিক্ষা বিভাগৰ নিদেৰ্শনাক বুঢ়া আঙুলি দেখুৱাই যোৱা ১৪ আৰু ১৬ আগষ্টত কৰিলে অফলাইন (Offline) যোগে নামভৰ্তি৷ সূত্ৰ অনুসৰি, নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক-কৰ্মচাৰীসকলোকে উক্ত দুদিন কলেজলৈ আহিবলৈ নিদেৰ্শ দিলে কলেজখনৰ অধ্যক্ষই ৷ ফলস্বৰূপে ক’ভিড প্ৰ’ট’কল ভংগ কৰি কলেজত সমবেত হ’ল শতাধিক ছাত্ৰ-ছাত্ৰী ৷

আনহাতে, চৰকাৰৰ নতুন নিদেৰ্শনা লৈ অপেক্ষা নকৰি বিপিএল (দৰিদ্ৰ সীমাৰেখা) নথি জমা দিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ পৰা কলেজ অধ্যক্ষই নামভৰ্তিৰ মাছুল আদায় কৰিলে ৷ সূত্ৰ অনুসৰি, উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে ৪০০০/ আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ৫০০০/ টকাকৈ মাছুল আদায় কৰিলে ৷

মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ নিদেৰ্শনা উলংঘা কৰি ক’ভিড নিয়ম ভংগ কৰা আৰু নামভৰ্তিৰ বিপৰীতে উচ্চ হাৰত মাছুল লোৱা ঘটনাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ গৰিষ্ঠসংখ্যক দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানখনত কভিড মহামাৰীৰ সময়ত এনে অতি উচ্চ হাৰৰ মাছুল আদায় কেনেকৈ কলেজ কৰ্তৃপক্ষই ল’ব পাৰিলে তাৰো প্ৰশ্ন উথাপন হোৱা দেখা গৈছে ৷

উল্লেখযোগ্য, বিভিন্ন শৈক্ষিক, বিত্তীয় অনিয়ম আৰু যৌনতা কেন্দ্ৰিক ঘটনাই জোকাৰি যোৱা একালৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত সম্প্ৰতি দেখা দিয়া অচলাৱস্থাই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে ৷

Exit mobile version