‘সন্ত্ৰাসগোষ্ঠী’ তালিবানৰ বিৰুদ্ধে নিষেধাজ্ঞা ফেচবুকত, সমৰ্থনত প’ষ্ট কৰিলেই শাস্তি

000 9l29hv

আফগান তালিবানক ‘সন্ত্ৰাসবাদী’ আখ্যা দি নিষিদ্ধ কৰিলে ফেচবুকে । এই নীতি হোৱাটছ‌এপ্ আৰু ইনষ্টাগ্ৰামটো প্ৰযোজ্য হ’ব বুলি জনাইছে ফেচবুক কৰ্তৃপক্ষই ।

এই সামাজিক মাধ্যমবোৰত তালিবানৰ সমৰ্থনত সকলো প’ষ্ট বা মন্তব্য নিষিদ্ধ ঘোষণা কৰা হৈছে । যিয়ে তালিবানৰ সমৰ্থনত প’ষ্ট বা মন্তব্য কৰিব, তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপৰ কথাও জনোৱা হৈছে ফেচবুকৰ তৰফৰ পৰা ।

ফেচবুকৰ মুখপাত্ৰ‌ই মঙলবাৰে জনায়, ‘বিপজ্জনক সংগঠন’ সংক্ৰান্ত নিয়মাৱলী মানিয়ে তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয়, ‘আমি বিতংভাৱে আফগানিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো । তালিবানৰ সমৰ্থনত কৰা প’ষ্টবোৰ ডিলিট কৰি দিয়া হ’ব । যি একাউণ্টৰ পৰা এনে প’ষ্ট কৰা হয়, সেই একাউণ্ট নিষিদ্ধ কৰা হ’ব ।’ তেওঁ আফগানিস্তানত সক্ৰিয় তালিবান গোষ্ঠীবোৰৰ হোৱাটছ‌এপ্ গ্ৰুপবোৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছে ।

Exit mobile version