কাদং আঞ্চলিক বিকলাংগ সন্থাৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকলৈ পৰিচয় পত্ৰ বিতৰণ

বৰপেটা জিলাৰ অন্তৰ্গত কাদং আঞ্চলিক বিকলাংগ সন্থাৰ জৰিয়তে আজি ১৩ গৰাকী বিশেষভাৱে সক্ষম লোকলৈ পৰিচয় পত্ৰ বিতৰণ কৰা হয় ।

কাদং আঞ্চলিক বিকলাংগ সন্থাৰ সম্পাদক আমিনুল হকে সাংবাদিকক জনোৱা মতে কাৰ্ড প্ৰাপ্ত প্ৰতি গৰাকী হিতাধিকাৰীয়ে মাহিলি এহেজাৰ টকাকৈ ভাট্ৰা পাব । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এহেজাৰ টকাৰ পৰা বৃদ্ধি কৰি মাহিলি তিনি হেজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও আজিলৈকে কাৰ্যকৰী নোহোৱাত দুখ প্ৰকাশ কৰে সম্পাদক আমিনুল হকে। লগতে শীঘ্ৰে তিনি হেজাৰ টকা দিয়াৰ দাবী জনায়।

আমিনুল হকে আৰু জানিবলৈ দিয়া মতে এইবেলি ১১০য়ে আবেদন কৰিছে যদিও ১৩ গৰাকীকহে চৰকাৰে পৰিচয় প্ৰদান কৰিছে। পৰ্যায়ক্ৰমে বাকীবোৰেও উক্ত পৰিচয় পত্ৰ পাব বুলিও জনায় সম্পাদক হকে।

Exit mobile version