কেৰালাৰ পৰা আইএছআইএছ-ত যোগ দিবলৈ গৈ আফগান কাৰাগাৰত বন্দী, পুত্ৰীক উভতাই আনিবলৈ অনুৰোধ মাতৃৰ

pic

আফগানিস্তানৰ পৰা পুত্ৰীক উভতাই আনিবৰ বাবে ভাৰত চৰকাৰক আবেদন কেৰালাৰ তিৰুঅন্তপুৰমৰ বাসিন্দা কে বিন্দুৰ । চৰকাৰক তেওঁৰ নিবেদন তেওঁৰ পুত্ৰী নিমিষা ওৰফে ফাতিমাক উভতাই আনক ।

আইএছআইএছ সন্ত্ৰাসগোষ্ঠীত যোগ দিবৰ বাবে কেৰালাৰ পৰা ইৰানলৈ গৈছিল বিন্দুৰ পুত্ৰী নিমিষাসহ চাৰিগৰাকী মহিলা । লগত তেওঁলোকৰ স্বামীও আছিল । ইৰানত আইএছআইএছত যোগ দিয়ে তেওঁলোকে । ইয়াৰ পাছত তেওঁলোক আফগানিস্তানৰ নানগড়ত বাস কৰিবলৈ লয় । কিন্তু আফগান আৰু আমেৰিকা বাহিনীৰ অভিযানৰ সময়ত গুলী চালনাত এই চাৰিগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হয় । তেওঁলোককো গ্ৰেপ্তাৰ কৰা হয় ।

২০১৯ৰ পৰাই আফগানিস্তানৰ কাৰাগাৰত বন্দী নিমিষা আৰু তেওঁৰ সংগীসকল । দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পাছত সকলো কয়েদিক এৰি দিয়ে । এই কয়েদিসকলৰ ভিতৰত বিন্দুৰ পুত্ৰী আৰু নাতিনীও আছে তেওঁ দৃঢ় বিশ্বাসী ।

এই বিশ্বাসতে পুত্ৰীক উভতাই পোৱাৰ আশাত ব্যাকুল হৈ পৰিছে বিন্দু । কেৰালাৰ প্ৰত্যন্ত প্ৰান্তৰ পৰা তেওঁৰ চৰকাৰক কাতৰ অনুৰোধ, ‘পুত্ৰীক উভতাই দিয়ক ।’

Exit mobile version