গনি চৰকাৰৰ ‘ম’ষ্ট ৱাণ্টেড্’ৰ তালিকাত থকা তালিবান নেতা এতিয়া কাবুলত

1629282017 taliban doctor

কাবুল দখল হোৱাৰ চাৰি মাহ আগতেই তেওঁক মৃত্যু দণ্ড দি উল্লাস কৰিছিল আফগান বাহিনীয়ে । সেই সন্ত্ৰাসবাদী নেতাজনৰ খবৰো প্ৰকাশ কৰিছিল তেওঁলোকে । দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পাছতেই ‘নিহত’ সন্ত্ৰাসবাদী নেতা আব্দুল হামিদ হামাছিৰ এখন ছবি ভাইৰেল হোৱাত বিশ্ববাসী আচৰিত হৈ পৰে ।

ভাইৰেল ছবিখনত দেখা গৈছে, কাবুলৰ ব্যৱসায়ী, চিকিৎসকসকলৰ স’তে হামিদে বৈঠকত মিলিত হৈছে । কেৱল বৈঠকেই নহয়, ‘নিহত’ এই সন্ত্ৰাসবাদী নেতাজনে তালিবান শাসনত তেওঁলোকৰ নিৰাপত্তাৰ আশ্বাসো দিছিল । মঙলবাৰে ছবিটো ভাইৰেল হৈ পৰে । সূত্ৰ অনুসৰি, তালিবান শাসনত আফগানিস্তানৰ বাসিন্দাসকলৰ ওপৰত নতুনকৈ কোনো নিষেধাজ্ঞা জাৰি কৰা নহ’ব বুলি আশ্বাস দিছে হামিদে ।

পূৱ আফগানিস্তানৰ দায়িত্বত আছিল এই তালিবান নেতা । যুৱকসকলক সন্ত্ৰাসবাদী দলত নিয়োগ আৰু প্ৰশিক্ষণৰ দায়িত্বত আছিল হামিদ । আফগান আৰু আমেৰিকাৰ সেনাবাহিনীৰ ওপৰত বহুবাৰ আক্ৰমণৰ বাবে এই দুই দেশৰ সেনাৰ ‘ম’ষ্ট ৱাণ্টেড্’ তালিকাত অন্তৰ্ভুক্ত হৈছিল হামিদ ।

এই সন্ত্ৰাসবাদী নেতাজনক ‘মৃত্যু দণ্ড’ দিয়াৰ পাছতে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বিবৃতি দিছিল । হামিদক মৃত্যু দণ্ড দিয়া নিৰাপত্তাৰক্ষীজনক প্ৰশংসা কৰি কোৱা হৈছিল, এৱেঁই আফগান সেনাৰ সফল উত্তৰসূৰী । কিন্তু চৰকাৰী বিবৃতি দিয়াৰ পাছতো তালিবানে কাবুল দখল কৰাৰ পাছত হামিদক কেনেকৈ পুনৰ দেখা গ’ল ! সম্প্ৰতি ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে । লগতে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সেই বিবৃতি কেৱল চমক দিয়াৰ বাবে আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

Exit mobile version