কলগাছিয়াৰ বামুনটাৰীত আন্তঃজিলা যাতায়তক কেন্দ্ৰ কৰি ড্ৰাইভাৰ, হেণ্ডিমেন, সহায়কৰ মাজত উত্তেজনা

বালিকুৰী আৰক্ষীয়ে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে অহা বাছ যাব দিয়াত উত্তেজনা

কলগাছিয়াৰ বামুনটাৰীত আন্তঃজিলা যাতায়তক কেন্দ্ৰ কৰি বাছ চালকসকলৰ মাজত তীব্ৰ উত্তেজনাই দেখা দিছে । আন্তঃজিলা যাতায়ত একাংশ বাছ বন্ধ ৰাখিছে যদিও আন কিছুমান বাছ গাড়ী চলাচল কৰিবলৈ দিয়াত কলগাছিয়াৰ বামুনটাৰীত ঘৰতে বহি থকা ড্ৰাইভাৰ, হেণ্ডিমেনসকলে চৰকাৰৰ এই দুমুখীয়া নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

গুৱাহাটীৰ পৰা ধুবুৰীলৈ যোৱা বাছত একাংশ চালক হেণ্ডিমেনে বাধা আৰোপ কৰাত দুয়ো পক্ষৰ মাজত বাকযুদ্ধ আৰম্ভ হয় । ইফালে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াই গাড়ী সমুহ যাবলৈ দিয়া দেখা গৈছে, ফলত আৰক্ষী আৰু বাছৰ শ্ৰমিক পক্ষৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ।

আনহাতে, তলাবন্ধৰ সময়ছোৱাত বহু বাছৰ কৰ্মচাৰীৰ পৰিয়াল অনাহাৰে থাকিবলগীয়া হৈছে । মাস্ক পৰিধান নকৰাৰ হুংকাৰ শ্ৰমিকসকলৰ । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগীসকলে ।

Exit mobile version