কাবুলৰ গুৰুদ্বাৰত আৱদ্ধ হৈ আছে ভাৰতীয় হিন্দু-শিখসকল, সুৰক্ষাৰ আশ্বাস তালিবানৰ

taliban came to gurdwara assured sikhs hindus of safety akali leader in a video 2021

কাবুলৰ এটা গুৰুদ্বাৰত আৱদ্ধ হৈ আছে বহু হিন্দু আৰু শিখ ধৰ্মাৱলম্বী লোক । দেশত উভতিব বিচাৰে তেওঁলোকে । তেওঁলোকৰ নিৰাপত্তাক লৈ চিন্তিত দিল্লী । অৱশ্যে আফগানিস্তানত গৈ আৱদ্ধ হৈ থকা হিন্দু আৰু শিখসকলক তালিবানে সুৰক্ষাৰ আশ্বাস দিছে বুলি জনায় গুৰুদ্বাৰৰ প্ৰধানে ।

এই বিষয়ে এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অকালি দলৰ নেতা মনজিন্দৰ সিং শীৰ্ষে । এই ৭৬ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে, গুৰুদ্বাৰত গৈ কেইজনমানে কথা পাতিছে । গুৰুদ্বাৰত যোৱাসকল তালিবান প্ৰতিনিধি বুলি কোৱা হৈছে ।

টুইট কৰি মনজিন্দৰে কয়, ‘কাবুলৰ গুৰুদ্বাৰৰ প্ৰধানৰ স’তে ম‌ই যোগাযোগ ৰাখিছো । তাত বহু লোক আৱদ্ধ হৈ আছে । তালিবান নেতাসকলে তাত গৈ হিন্দু আৰু শিখসকলৰ স’তে কথা পাতিছে । তেওঁলোকক সুৰক্ষাৰ আশ্বাস দিয়া হৈছে ।’

https://twitter.com/mssirsa/status/1428032650262978560?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1428032650262978560%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fafghanistan-crisis-taliban-came-to-gurdwara-assured-sikhs-hindus-of-safety-dgtl%2Fcid%2F1299227

এম ন‌ইম নামৰ এজন তালিবান নেতাই ভিডিঅ’টো প্ৰকাশ কৰিছে । আৰবী ভাষাত তেওঁ লিখে, ‘কাবুলত শিখ আৰু ভাৰতীয়সকল সুৰক্ষিত । তেওঁলোকে ভয় কৰাৰ কোনো কাৰণ নাই । আগতে মানুহে জীৱন আৰু সম্পত্তিক লৈ ভয় খাইছিল । কিন্তু এতিয়া একো সমস্যা নাই । আমি আশ্বাস দিছো ।’

ইয়াৰ আগতে সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বৈদেশিকমন্ত্ৰী এছ জয়শংকৰক টুইট কৰি আফগানিস্তানৰ গুৰুদ্বাৰত আৱদ্ধ হৈ থকা শিখসকলক উদ্ধাৰ কৰাৰ অনুৰোধ কৰিছিল । ভাৰত চৰকাৰৰ তৰফৰ পৰা বিমান প্ৰেৰণ কৰি থকা হৈছে ভাৰতীয়সকলক উদ্ধাৰ কৰিবৰ বাবে ।

Exit mobile version