তালিবানৰ উত্থানত প্ৰভাৱিত পাকিস্তান, মহিলা টিক্‌টক্ তাৰকাক আক্ৰমণ

squareart 1

পাকিস্তানৰ লাহোৰ আৰক্ষীয়ে যোৱা মঙলবাৰে অসংখ্যক অজ্ঞাত পৰিচয় লোকৰ বিৰুদ্ধে মহিলাক ৰাজপথত নিৰ্যাটন চলোৱাৰ অভিযোগত এক গোচৰ ৰুজু কৰিলে । যোৱা ১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা লাহোৰৰ গ্ৰেটাৰ ইকবাল পাৰ্কত এগৰাকী মহিলা টিক্‌টক্ তাৰকাক তেওঁৰ সতীৰ্থসহ এদল লোকে মাৰপিট কৰাৰ লগতে যৌন নিৰ্যাতন চলাইছিল ।

প্ৰকাশিত বাতৰি অনুসৰি, টিক্‌টকৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী মহিলাই তেওঁৰ ছয় সতীৰ্থৰ স’তে স্বাধীনতা দিৱসৰ দিনা মিনাৰ এ পাকিস্তানৰ সমীপত ভিডিঅ’ৰ দৃশ্য গ্ৰহণ কৰিছিল । সেই সময়তে প্ৰায় ৩০০-৪০০জন লোকে মহিলা আৰু তেওঁৰ সতীৰ্থসকলক আক্ৰমণ কৰিছিল ।

পীড়িতাই প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীয়ে তেওঁলোকক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ পোছাকো টানি-আজুঁৰি ফালি পেলাইছিল । তদুপৰি আক্ৰমণকাৰীয়ে পীড়িতাৰ অলংকাৰৰ লগতে ম’বাইল ফোন, পৰিচয় পত্ৰ আৰু নগদ ১৫ হেজাৰ টকা লুট কৰি নিছিল । পাছত পৰিস্থিতিলৈ লক্ষ্য ৰাখি মিনাৰ এ পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে মহিলা আৰু তেওঁৰ সতীৰ্থৰ প্ৰাণ ৰক্ষা কৰিছিল ।

এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হোৱাত লাহোৰ আৰক্ষীয়ে অজ্ঞাত পৰিচয় ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

Exit mobile version