তালিবানৰ দ্বাৰা হত্যাৰ ভয়ত পলায়ন কৰিছিল আশ্ৰফ ঘানিয়ে

61191eefc040ad0018ce5ff9

২০১৪ত আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণৰ পূৰ্বে আশ্রফ ঘানিয়ে অধিকাংশ সময় অতিবাহিত কৰিছিল দৰিদ্ৰ ৰাষ্ট্ৰৰ উন্নয়ন গঠন কিদৰে কৰিব পাৰি সেই সম্পৰ্কীয় অধ্যয়নত।

এজন ফুলব্ৰাই ট স্কলাৰ ঘানিয়ে ক’লম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।আমেৰিকাৰ শীৰ্ষ শিক্ষানুষ্ঠানত অধ্যাপনাও কৰিছিল ঘানিয়ে। ৱৰ্ল্ড বেংক ৰাষ্ট্রসংঘতো তেওঁ জড়িত হৈছিল।পৰৱৰ্তী অধ্যায়ত তেওঁ ব্যৰ্থ ৰাষ্ট্ৰক গতি প্ৰদান সম্পৰ্কীয় কিতাপ ৰচনা কৰে।

এইজন ঘানিয়ে আফগানিস্তান তালিবাণ দখল কৰাৰ পাছত দেওবাৰে পলায়ণ কৰে।তেওঁক ক’ত আছিল বিগত দিনকেইটাত তাকে লৈ ৰহস্য বিৰাজ কৰি আছে।কালি সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ঘোষণা কৰে যে দেশখনত ঘানিৰ পৰিয়ালসহ সম্পৰ্কীয় কাৰণত আশ্ৰয় দিয়া ঘানিয়ে চাৰিখন গাড়ী আৰু এখন হেলিকপ্টাৰ ভৰা ধন লৈ যোৱা বুলি ৰাছিয়াই দাবী কৰিছে ।

বুধবাৰে এক ভিডিঅ’ বাৰ্তাত তেওঁ অৱশ্যে এই কথা অস্বীকাৰ কৰিছে । সম্প্ৰতি নিজ দেশত ঘানি খলনায়ক হৈ পৰিল।তেওঁৰ প্ৰশাসনিক সতীর্থসকলে ৰাজহুৱাকৈ গঞ্জনা দিছে ঘানিক।কালি ভিডিঅ’ বাৰ্তাত ঘানিয়ে কয়, ‘ৰক্তপাত আৰু ধ্বংস পৰিহাৰৰ বাবে মই আফগানিস্তান এৰি আহিছে ।’

তেওঁৰ মতে তেওঁ কোনো সম্পত্তি লৈ যোৱা নাই। নিৰাপত্তাৰক্ষীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাজিবুল্লাহৰ দৰে তালিবানে তেওঁলোককো হত্যা কৰিব বুলি সকীয়াই দিয়াত ততাতৈয়াকৈ আফগানিস্তান ত্যাগ কৰে বুলি ঘানিয়ে কয় । ১৯৯৬ ত নাজিবুল্লাৰ মৃতদেহ লাইট পোষ্টত ওলামাইছিল তালিবানে ।

Exit mobile version