পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ মাউজিগেন্দ্ৰী ইক’টুৰিজিম ছ’চাইটী ৰিজৰ্ট

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বাগসা জিলাৰ শালবাৰীৰ কামাৰদৈছাৰ লক্ষীবজাৰস্থিত মানাহ মাউজিগেন্দ্ৰী ইক’টুৰিজিম ছ’চাইটীটোৰ ৰিজৰ্ট পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছ’চাইটী কৰ্তৃপক্ষই ।

ছ’চাইটীটোৰ সভাপতি কালিচৰণ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ যোগেদি কয়, তেওঁলোকে ২০০৩ৰ পৰাই মানাহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম কৰি আহিছে আৰু সফলতা লাভ কৰিবলৈ ২০০৫ত ইক’টুৰিজিম ব্যৱস্থা কৰি ছ’চাইটীটোৰ নামেৰে পৰ্যটকৰ সুবিধাৰ্থে এখন ৰিজৰ্টো স্থাপন কৰিছে ৷ ক’ভিড-১৯ৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল ছ’চাইটীটোৰ ৰিজৰ্ট । পৰ্যটকৰ বাবে অক্টোবৰত পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’ব বুলি জানি তেওঁলোকেও অক্টোবৰতে ৰিজৰ্ট মুকলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে ইতিমধ্যে পৰ্যটক থাকিব পৰাকৈ সজাই-পৰাই তোলা হৈছে ৰিজৰ্টখনক ৷ কেৱল কাঠেৰে নিৰ্মিত ৰিজৰ্টখনৰ ২০ টাকৈ কোঠাৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ।

Exit mobile version