বিশ্ব এথলেটিক্সত পুনৰ পদক জয় ভাৰতৰ

U 20 World Athletics Championships Indian mixed relay team won bronze medal sports breaking news today

বিশ্ব মঞ্চত পুনৰ এথলেটিক্সত পদক জয় কৰিলে ভাৰতে । অনুৰ্ধ্ব-২০ বিশ্ব এথলেটিক্সত ৪×৪০০ মিটাৰ মিক্সড্ ৰিলেত ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ ।

কেনিয়াৰ নাইৰোবিত ভাৰতীয় দলে দৌৰ সমাপ্ত কৰে তিনি মিনিট ২০.৫৭ ছেকেণ্ডত । অনুৰ্ধ্ব-২০ এথলেটিক্সত এয়ে প্ৰথম পদক লাভ ভাৰতৰ । মিক্সড্ ৰিলে দলত আছিল ভৰত শ্ৰীধৰ, প্ৰিয়া মোহন, ছামি আৰু কপিল ।

তিনি বছৰ পূৰ্বে সকলোকে চমক দি এই প্ৰতিযোগিতাতে চাৰিশ মিটাৰ দৌৰত সোণৰ পদক জয় কৰিছিল হিমা দাসে । কেৱল হিমাই নহয় নিৰজ চোপ্ৰায়ো এই মঞ্চত জেভলিনত সোণৰ পদক জয় কৰিছিল ।

অলিম্পিকত মিক্সড্ ৰিলেত অষ্টম স্থানত আছিল ভাৰতীয় দল ।

Exit mobile version