মুক্তিৰ দিনাই অনলাইনত লিক হ’ল অক্ষয়ৰ ‘বেল বটম’

Akshay Kumar Bell Bottom

চিনেমাপ্ৰেমীসকলৰ বাবে বেয়া খবৰ। বৃহস্পতিবাৰে অনলাইনত লিক হ’ল অক্ষয় কুমাৰৰ ছবি ‘বেল বটম’ । কৰ’নাৰ দ্বিতীয়ঢৌৰ পাছত এইয়া প্ৰথম পৰ্দাত মুক্তি পোৱা কোনো ডাঙৰ বাজেটৰ ছবি আছিল। অক্ষয়ৰ অনুৰাগীসকলে দীৰ্ঘদিন ধৰি ডাঙৰ পৰ্দাত এই ছবিখন চাবলৈ বাট চাই আছিল। কিন্তু ছবিখনৰ মুক্তিৰ প্ৰথম দিনটোতে বিপত্তি ।

মুক্তিৰ কেইদিনমান পাছত প্ৰায় সকলো বোৰ ছবি বিভিন্ন অনলাইন প্লেটফৰ্মত লিক হয় কিন্তু মুক্তিৰ কেইঘণ্টামানৰ ভিতৰতে, ছবিখন লিক হোৱাৰ বাবে আক্কিৰ অনুৰাগীসকল হতাশ হৈছিল।

তামিল ৰকাৰ্ছ, ফিল্মিজিলা, টেলিগ্ৰামকে ধৰি কেবাটাও ছাইটৰ পৰা এইচডি ফৰ্মেটত ‘বেল বটম’ ডাউনলোড কৰিব পাৰি। কিন্তু অভিনেতা অক্ষয় কুমাৰক তেওঁৰ অনুৰাগীসকলে চিনেমা হললৈ আহি থ্ৰীডি ফৰ্মেটত চিনেমা খন চাবলৈ অনুৰোধ জনাইছে।

চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে আনকি মহাৰাষ্ট্ৰৰ চিনেমাহলসমূহ এই মুহূৰ্তত কম দৰ্শকৰ স’তে চলি থকাৰ ক্ষেত্ৰতো মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ পদক্ষেপটো চিনেমাপ্ৰেমীসকলৰ দ্বাৰাও সমৰ্থিত আছিল।

বেল বটম মূলতঃ এটা স্পাই থ্ৰিলাৰ। ছবিখনত অক্ষয় কুমাৰৰ কোড নামৰ বেল বটম। এই চলচ্চিত্ৰখন ১৯৮০ চনৰ এখন সঁচা কাহিনীৰ বিষয়ে। অক্ষয়ৰ উপৰিও ছবিখনত লাৰা দত্ত বানী কাপুৰেও অভিনয় কৰিছে। ছবিখনত লাৰাই তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।

Exit mobile version