শ্ৰীৰামপুৰ নদীত গা ধুবলৈ গৈ পানীত সন্ধানহীন বৃদ্ধা

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত নদীত গা ধুবলৈ গৈ এগৰাকী বৃদ্ধা পানীত সন্ধানহীন হৈছে ৷ মহিলাগৰাকী শ্ৰীৰামপুৰ বজাৰ এলেকাৰ নিবাসী সাধনা সৰকাৰ(৮৫) বুলি চিনাক্ত কৰা হৈছে ৷

মহিলাগৰাকী যোৱা ১৭ আগষ্টৰ পৰা সন্ধাহীন হৈ আছিল ৷ পৰিয়িলৰ লোকে ওচৰে পাজৰে বিচাৰে যদিও সন্ধান পোৱা নাই ৷

কালি বিয়লি ৰাইজে শ্ৰীৰামপুৰেদি বৈ যোৱা হাৰাপুটা নদীৰ পাৰত বৃদ্ধা গৰাকীৰ কাপোৰ উদ্ধাৰ কৰাৰ পাছতে নিশ্চিত হয় যে বৃদ্ধাগৰাকী নদীত পৰিছে ৷ কালিৰ পৰা বৃদ্ধাগৰাকীৰ সন্ধানত এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলায় যদিও বাতৰি লিখা লৈকে সন্ধান পোৱা নাই ৷

Exit mobile version