সপ্তম ট’ৰন্টো আন্ত:ৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আইমী বৰুৱালৈ

"ছেমখোৰ" চলচ্চিত্ৰৰ বাবে অভিনেত্ৰীগৰাকীলৈ এই সন্মান

WhatsApp Image 2021 08 19 at 7.07.19 PM

ট’ৰন্টো আন্ত:ৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰা আইমী বৰুৱাই হৈছে অসমৰ প্ৰথম অভিনেত্ৰী

 

শেহতীয়াকৈ ঘোষণা কৰা সপ্তম ট’ৰন্টো আন্ত:ৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই । অসমৰ পৰা পোনপ্ৰথমবাৰলৈ এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে “ছেমখোৰ” (SEMKHOR) চলচ্চিত্ৰৰ বাবে লাভ কৰিছে এই বঁটা ।

উল্লেখযোগ্য যে অভিনেত্ৰী আইমী বৰুৱাই প্ৰথমবাৰলৈ চলচ্চিত্ৰ পৰিচালনা কৰা “ছেমখোৰ” চলচ্চিত্ৰখনে ইতিমধ্যেই পৰিচালনাৰ ক্ষেত্ৰত কে’বাটাও বঁটা পাবলৈ সক্ষম কৰিছিল । শেহতীয়াকৈ সপ্তম ট’ৰন্টো আন্ত:ৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হ’ল ।

উল্লেখযোগ্য যে পৃথিৱীৰ অন্যতম গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত ট’ৰন্টো আন্ত:ৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱে বিশ্বৰ ভিন্ন প্ৰান্তৰ মহিলা চলচিত্ৰ নিৰ্মাতা, অভিনেত্ৰী তথা চলচ্চিত্ৰৰ নিৰ্মাণৰ স’তে জড়িত মহিলা চলচ্চিত্ৰকৰ্মীসকলক আগবঢ়াই আনিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।

Exit mobile version