সাৰৰ বজাৰৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ চক্ৰ বিষয়াক বৰপেটা উপায়ুক্তৰ নিৰ্দেশ

writing 1149962 1280 1

বৰপেটা জিলাত সাৰৰ ক’লা বজাৰ ৰোধৰ বাবে জিলা উপায়ুক্ত‌ তেজ প্ৰসাদ ভূচালে সকলো ৰাজহ চক্ৰ বিষয়াকে সাৰৰ ব্যৱসায়ৰ ওপৰত নিয়মীয়াকৈ চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে । সাৰৰ লগতে কৃষি উৎপাদনৰ কাৰ্যত ব্যৱহৃত ঔষধ আদিৰ মজুতকৰণ আৰু মূল্যমান নিয়মীয়াকৈ পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাখনৰ সকলো ৰাজহ চক্ৰৰে চক্ৰ বিষয়া সকললৈ কালি এখন পত্ৰ যোগে উপায়ুক্তই কঠোৰ নিৰ্দেশ দিছে ।

নিৰ্দেশটোত কোৱা হৈছে যে, নিৰ্ধাৰিত বজাৰ মূল্যতকৈ যাতে অধিক দৰত সাৰ আৰু ঔষধ বিক্ৰী কৰিব নোৱাৰে আৰু কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এনে দোকান-বজাৰসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰা হ‌ওক। কোনো ক্ষেত্ৰত বিসংগতি লক্ষ্য কৰিলে জিলা কৃষি বিষয়াৰ স’তে আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তক সমগ্ৰ বিষয়টো সঘনে পৰ্যালোচনা চলাবলৈও নিৰ্দেশ দিয়া হৈছে ।

Exit mobile version