এঘৰৰ ছাদত পৰি চ্ছিন্ন-বিচ্ছিন্ন মূৰ-পেট :দৃশ্য দেখি অজ্ঞান মহিলা

কাবুলত বিমানৰ পৰা সৰি পৰা দুজন আছিল সহােদৰ

kabul plane1 16291102413x2 1

এগৰাকী মাতৃৰ গৰ্ভতে জন্ম দুয়ােজনৰ। একে পৰিণতিয়েই হ’ল দুয়ােৰে। একেলগে দুয়াে এখন উৰন্ত বিমানৰ পৰা খহি পৰাৰ দৃশ্য প্রত্যক্ষ কৰিলে সমগ্র বিশ্বই। আনকি একে ঠাইতে আহি পৰি চিৰবিদায় ললে দুই সহােদৰ ভ্ৰাতৃয়ে। তালিবানে কাবুল দখল কৰাৰ পাছতে যােৱা সােমবাৰে দেশ এৰি পলায়ন কৰাৰ বাবে বিমানৰ চকাত সাৱটি ধৰি উৰি যােৱাৰ সময়তে আকাশৰ পৰা খহি পৰিছিল দুই ভ্রাতৃ ছাফিউল্লাহ আৰু ফিডা। উল্লেখ্য যে বিমানৰ পৰা সৰি পৰাৰ পাছত দুই ভ্রাতৃ আহি পৰে।

কাবুল বিমানকোঠৰ পৰা প্ৰায় চাৰি কিলােমিটাৰ নিলগৰ এটা বাসগৃহৰ ছাদত। অৱশ্যে তেতিয়ালৈ দুয়ােৰে শৰীৰৰ অৱশিষ্টহে বাকী আছিল। এই সন্দৰ্ভত ৱালি ছালেক নামৰ লােকজনে সাংবাদিকৰ আগত কয় যে তেওঁ পৰিয়ালৰ স’তে ঘৰত থকা অৱস্থাতে তেওঁলােকৰ ঘৰৰ ছাদত এটা ডাঙৰ শব্ধ শুনা পায়। ৪৯ বছৰীয়া নিৰাপত্তাৰক্ষী ছালেকে কয়, ‘ট্রাকৰ চকা বিস্ফোৰণৰ দৰে শব্দ হৈছিল। ‘ততাতৈয়াকৈ পৰিয়ালটোৱে ছাদলৈ উঠি গৈ প্রত্যক্ষ কৰে এক ভয়ানক দৃশ্য। ছাদত পৰি আছিল দুটা মৃতদেহ।

লাওখােলা ভাঙি চূর্ণ-বিচূর্ণ হােৱাৰ লগতে মৃতদেহ দুটাৰ পেট ফালি ছিছিৰ হৈছিল। ছালেকে কয় যে দৃশ্য দেখিয়েই তেওঁৰ পত্নী অজ্ঞান হৈ পৰিছিল। তেতিয়াই এজন প্রতিবেশীয়ে ছালেকক অৱগত কৰে যে বিমানৰ পৰা পৰি যােৱা দুজন লােকৰ ভিডিঅ’ তেওঁ টিভিত দেখা পাইছে। আৰু এই দুটা মৃতদেহ সেই লােক দুজনৰে হ’ব লাগিব। ছালেকে কয়, মৃতদেহ দুটাৰ মূৰ আৰু পেট ফালি গৈছিল। মই এখন শ্ব’ল আৰু চাদৰেৰে মৃতদেহ দুটা ঢাকি মােৰ আত্মীয়ৰ স’তে মছজিদলৈ লৈ আহাে। তেওঁলােকৰ পকেটত পােৱা নথিৰ পৰাই তেওঁলােকৰ বয়স ৩০ বছৰৰ তলত বুলি গম পাইছিলাে।

উল্লেখ্য যে মৃতদেহ সৰি পৰাৰ ফলত ছালেকৰ ঘৰৰ ছাদো সামান্যৰূপে ক্ষতিগ্রস্ত হয়। ছালেকে কয় যে সেই ভয়ানক ঘটনাৰ পাছতহে তেওঁলােকে টিভিত দেখা পাইছিল কাবুলৰ হঠাৎ সলনি হৈ পৰা ৰূপটো।’ কাবুলৰ পথটোৰ মৰুভূমি সদৃশ হৈ পৰিছিল। কোনাে পুৰুষ বা মহিলাক দেখা পােৱা নাছিলাে। এঘণ্টাৰ পাছত কি হ’ব সেয়া আমি কোনেও বুজিব পৰা নাছিলাে। চৌদিশে কেৱল আতংকময় পৰিৱেশ। যদি মই সুযােগ পাওঁ, তেন্তে ময়াে আগফানিস্তান ত্যাগ কৰি আন দেশলৈ গুচি যাম।’ এইদৰে কয় ছালেকে। ইপিনে, দুয়ােজনৰ মৃতদেহ ইতিমধ্যে পৰিয়ালৰ লােকক গতাই দিয়া হৈছে।

মৃতদেহ ঘূৰাই পােৱাটোকে একমাত্র সান্ত্বনা বুলি জনাইছে পৰিয়ালৰ লােকে। উল্লেখ্য যে মুঠ আঠ ভ্রাতৃ-ভগ্নীৰ ভিতৰত ছফিউল্লা আৰু ফিডাৰ বয়সৰ বেছি তাৰতম্য নাই। প্রায় সমবয়সীয়া দুয়াে। প্রতিবেশীৰ পৰাই দুয়াে জানিব পাৰিছিল যে ২০ হেজাৰ মানুহক উদ্ধাৰ কৰি লৈ যাব আমেৰিকাই। তাৰ পাছত আমেৰিকা বা কানাডাত তেওঁলােকক আশ্রয় দিয়াৰ ব্যৱস্থা কৰা হ’ব। তালিবানী শাসনৰ আতংকই দুয়ােকে এনেদৰে কাতৰ কৰি তুলিছিল যে কাকো একো নােকোৱাকৈ ছফিউল্লা আৰু ফিডাই কেৱল পৰিচয় পত্ৰ লৈ কাবুলৰ বিমানকোঠ পাইছিলগৈ।

বিমানকোঠত তেতিয়ালৈ উপস্থিত হৈ শ শ আফগান। সকলােৱেই উন্মাদৰ দৰে কেৱল আমেৰিকাৰ বায়ুসেনা বাহিনীৰ বিমানত উঠাৰ চেষ্টা কৰিছিল। পৰিয়ালৰ লােকে ধাৰণা কৰিছে যে সেই দৃশ্য দেখিয়েই হয়তাে দুই ভ্রাতৃক অধিক আতংকিত কৰি তুলিছিল। যাৰ বাবেই হয়তাে বিমানত উঠিব নােৱাৰি দুয়াে বিমানৰ চকাকে সাৱটি ধৰিছিল; কিন্তু তেওঁলােকে নাজানিছিল যে কোনাে এখন বিমানে ৰাণৱেৰ পৰা আকাশলৈ উৰা মৰাৰ কিছু ক্ষণৰ পাছতে চকাবােৰ বিমানৰ তলফালে থকা বিশেষ স্থানলৈ সােমাই যায়।

ফলত চকাত লাগি থকা যিকোনাে জীৱ বা বস্তুৰ খহি পৰাৰ বাদে আন গতি নাথাকে। ছফিউল্লা আৰু ফিডাৰ অৱস্থাও হয়তাে সেয়াই হৈছিল। কাবুলৰ আকাশৰ পৰা দুটা বিন্দুৰ দৰে খহি পৰিছিল তেওঁলােক। যি দেশৰ পৰা দুই ভ্রাতৃয়ে পলায়নৰ চেষ্টা কৰিছিল, আমেৰিকাৰ বায়ুসেনাৰ চি- ১৭ কার্গো বিমানখনে তেওঁলােকক সেই দেশতে এৰি থৈ গ’ল মৃতদেহৰ ৰূপত। আমেৰিকাৰ বায়ুসেনাৰ তৰফৰ পৰাও জনােৱা হৈছে যে বিমানখনে কাতাৰত অৱতৰণ কৰাৰ পাছত বিমানৰ চকাত মানৱদেহৰ অৱশিষ্ট দেখা গৈছিল। উল্লেখ্য যে ইয়াৰে এজন আফগান ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্য বুলি দেশখনৰ ক্রীড়া সঞ্চালকালয়ে জনাইছে।

Exit mobile version