টুইটাৰৰ পাছত এইবাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামতো পোষ্ট আতৰালে ৰাহুলৰ

Rahul Gandhi Twitter

টুইটাৰৰ পাছত এইবাৰ ফেচবুকে আতৰালে ৰাহুল গান্ধীৰ পোষ্ট। ধৰ্ষিতাৰ পৰিয়ালৰ ফটো পোষ্ট কৰাৰ বাবে ৰাহুলৰ একাউণ্ট লক কৰিছিল টুইটাৰে ।

ৰাজধানীত এগৰাকী ন বছৰীয়া নৱালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। পৰিয়ালটোক অৱগত নকৰাকৈ মৃতদেহ জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ দেশতে জোকাৰি গৈছিল। প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। নিৰ্যাতিতাৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীয়ে।

তেতিয়াই তেওঁ নিৰ্যাতিতাৰ পিতৃ-মাতৃৰ পৰিচয় প্ৰকাশ কৰাত ভুল কৰিছিল । যিটো অনুচিত আৰু আইনৰ দৃষ্টিত অপৰাধ। সমালোচনাত সৰৱ হয় ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ।

যাক লৈ তীব্ৰ কটাক্ষৰ সন্মূখীন হৈছিল ৰাহুল গান্ধী । টুইটাৰে আগতে কংগ্ৰেছ নেতাজনৰ বিতৰ্কিত পোষ্টটো আতৰাই দিছিল। এইবাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামে পোষ্ট আঁতৰাই দিলে যুৱ নেতা ৰাহুল গান্ধীৰ ।

Exit mobile version