বাংলাদেশত প্রধানমন্ত্রীৰ নিৰ্দেশত অচিৰে খােল খাব স্কুল-কলেজ

8d25008905eb44d59d6346d3b0ff4b89 18

বাংলাদেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌ বাহাল থকাৰ সময়তে ইমানদিনে বন্ধ হৈ থকা সকলােবােৰ শিক্ষানুষ্ঠান অচিৰে খুলিবলৈ নির্দেশ দিলে দেশখনৰ প্ৰধানমন্ত্রী শেখ হাছিনাই৷

সম্প্ৰতি ৰাজধানী ঢাকাৰ শ্বেৰ ই বাংলানগৰত এখন সভাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশ লােৱাৰ সময়ত প্রধানমন্ত্রী হাছিনাক এজন সচিবে বিশ্ববিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ প্রস্তাৱ আগবঢ়োৱাত তেওঁ কয়, ‘কেৱল বিশ্ববিদ্যালয় নহয়, শীঘ্ৰে স্কুলসমূহাে খুলি দিয়াৰ ব্যৱস্থা লওক।

শিশুসকল ঘৰত আবদ্ধ থাকি অসুস্থ হ’বলৈ ধৰিছে। শিক্ষানুষ্ঠান খুলি দিয়াৰ বাবে সকলাে পদক্ষেপ ল’ব লাগিব। সকলােৰে বাবে টিকা নিশ্চিত কৰিব লাগিব।

জৰুৰী ভিত্তিত শিক্ষানুষ্ঠানসমূহ খুলি দিব লাগিব। ‘উল্লেখ্য যে যােৱা ১৭ মার্চৰ পৰা বাংলাদেশত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

Exit mobile version