বৰ্তমানৰলৈকে ভেকচিনৰ দ্বিতীয় পালি পোৱা নাই কমেও চাৰি কোটি লোকে

0615 Vietnam Prepares to Launch Largest Ever Vaccination Campaign

নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ’নাৰ প্ৰতিষেধক ক’ভিশ্বিল্ড বা ক’ভেক্সিনৰ দ্বিতীয় পালি পোৱা নাই প্ৰায় তিনি কোটিৰো অধিক লোকে । তথ্যৰ অধিকাৰ আইনে কৰা এটা প্ৰশ্নৰ উত্তৰত চৰকাৰ এই তথ্য জনাইছে ।এই পৰিপ্ৰেক্ষিতত, স্বাস্থ্য বিশেষজ্ঞৰ একাংশৰ মতে , এই প্ৰৱণতা বিপদজনক। ইয়াৰ ফলত সামগ্ৰিক টিকাকৰণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উঠিব পাৰে ।

কেন্দ্ৰীয় চৰকাৰৰ ক’উইন পৰ্টেলৰ মতে, কালি বিয়লিৰলৈকে, ৪৪কোটি ২২লাখ ৮৫ হেজাৰ ৮৫৪ জনলোকে ক’ৰনাৰ প্রথম পালি ভেকচিন লৈছে আৰু দ্বিতীয় পালি লৈছে ১২কোটি ৫৯ লাখ সাত হেজাৰ ৪৪৩ জন লোকে। সমাজকৰ্মী ৰমন শৰ্মাই তথ্যৰ অধিকাৰ আইনৰ অধীনত চৰকাৰক প্ৰশ্ন কৰিছিল যে কিমান জন লোকে কৰ’না ভেকছিন ক’ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰিছিল, কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত দ্বিতীয় পালিটো পোৱা নাছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কৰ’না টিকাকৰণ বিভাগে উত্তৰত কৈছিল যে ক’ভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰাৰ পাছত, ইয়াক ৪৮-১১২ দিনৰ পাছত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ কোৱা হৈছিল আৰু প্ৰথম পালি গ্ৰহণ কৰাৰ ২৮-৪২ দিনৰ ভিতৰত ক’ভেক্সিনৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ নিয়ম আছে।

সেই বিভাগৰ ফালৰ পৰা কোৱা হৈছে ,”ক’উইন পৰ্টেল (যোৱা ১৭আগষ্ট পৰ্যন্ত ) অনুযায়ী ক’ভিশ্বিল্ডৰ প্ৰথম পালি লোৱাৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত দ্বিতীয় পালি লোৱা নাই তিনি কোটি ৪০লাখ ৭২ হেজাৰ ৯৯৩জন লোকে। ইফালে ক’ভেক্সিনৰ প্ৰথম পালিৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰতে দ্বিতীয় পালি লোৱা নাই ৪৬লাখ ৭৮ হেজাৰ ৪০৬জন”

স্বাস্থ্য মন্ত্ৰনালয়ৰ বিভাগে কয় যে,প্ৰথম পালি লোৱাৰ পাছত নিৰ্ধাৰিত সময়ৰ ভিতৰত যি সকলে দ্বিতীয় পালি পোৱা নাই তেওঁলোকে পুনৰ বাৰ টিকাৰ প্ৰথম পালি লব লাগিব বুলিও এতিয়ালৈকে কোনো পৰামৰ্শ দিয়া নাই ।

দেশত কমেও চাৰি কোটি লোকে ভেকচিন নোপোৱাৰ ঘটনাক উদ্বিগ্ন স্বাস্থ্য বিশেষজ্ঞ।তেওঁলোকৰ মতে,যি ব্যক্তিয়ে ভেকচিনৰ প্ৰথম পালি লৈছে তেওঁলোকৰ দেহত পৰ্যাপ্ত এন্টিবডী তৈয়াৰ হোৱা নাই। ফলস্বৰূপে তেওঁলোক ক’ভিড আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।এনে হলে টিকাকৰণৰ সামগ্ৰিক উদ্দেশ্যটোৱে বিফল হ’ব ।

Exit mobile version