বেংকত লকাৰ ব্যৱস্থাত ধন আৰু অন্যান্য মূল্যৱান সামগ্রী জমা ৰখাৰ ক্ষেত্ৰত নতুন নির্দেশনা জাৰি কৰিলে ভাৰতীয় ৰিজার্ভ বেংক (আৰ বি আই)-এ।
ৰিজাৰ্ভ বেংকে নির্দেশনাত উল্লেখ কৰা অনুসৰি কোনাে গ্রাহকৰ সম্পত্তি যেনে ধন, সােণ ইত্যাদি অগ্নিকাণ্ড বা চুৰি-ডকাইতিৰ দৰে ঘটনাত নােহােৱা হ’লে সেই ক্ষেত্ৰত লকাৰ ভাড়াৰ এশগুণ অর্থ মূল্য ক্ষতিপূৰণ হিচাপে গ্ৰাহকক বেংকে আদায় দিব লাগিব।
অৱশ্যে প্রাকৃতিক বিপর্যয়ৰ ফলত যদি লকাৰত থকা সম্পত্তি হানি হয়, তেন্তে বেংক জগৰীয়া নহ’ব। লকাৰ সংক্রান্ত সংশােধিত বিধি ২০২২ৰ পহিলা জানুৱাৰীৰ পৰা দেশত প্রযােজ্য হ’ব।
এই নির্দেশনাত লগতে আৰ বি আয়ে উল্লেখ কৰা অনুসৰি, গ্রাহকে যাতে বেংকৰ লকাৰ ব্যৱহাৰ কৰি কোনাে বেআইনী সামগ্রী মজুত ৰাখিব নােৱাৰে, তাক নিশ্চিত কৰিবলৈ আইনী ধাৰা সংযােগ কৰা হ’ব।
কোনাে গ্রাহকে লকাৰ ভাড়ালৈ লৈ তিনি বছৰলৈকে লকাৰ ব্যৱহাৰ নকৰিলে সেই ক্ষেত্ৰত প্ৰয়ােজনত বেংকে উক্ত লকাৰ খুলিব পাৰিব।