গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ক’লে ?

E9Snib4VcAEQnZN

কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল ।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয় যে, কংগ্ৰেছৰ কাৰ্যকালত সমগ্ৰ দেশতে দুৰ্নীতি চলিচিল ।

বিজেপিৰ কাৰ্যকালত ৰাস্তা-ঘাট, দলং ! অসমৰ সৰ্বদিশে কেৱল বিকাশ হৈছে ।

অসমৰ গামোচাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ব্যক্তিজনে হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

মন্ত্ৰী সোণোৱালক আদৰণি জনাবৰ বাবে আজিৰে পৰা তিনিদিনীয়া ‘আশীৰ্বাদ যাত্ৰা’ কৰা হ’ব ।

কাইলৈ নগাঁও, মৰিগাঁও অভিমুখে যাত্ৰা কৰিব সোণোৱালে ।

২৩ আগষ্টত ডিব্ৰুগড়ত এই যাত্ৰাৰ সামৰণি পৰিব ।

Exit mobile version