পাকিস্তানৰ ষ্টেডিয়ামত লাও-জলকীয়াৰ খেতি, ইমৰানক কটাক্ষ

1 611ca3bca7b32

পাকিস্তানত সময়ে সময়ে এনে কিছুমান ঘটনা সংঘটিত হৈ আহিছে যিসমূহ ঘটনাই দেশখনক হাঁহিয়াতৰ পাত্ৰত পৰিণত কৰিছে। আইন-শৃংখলা, স্বাস্থ্য, শিক্ষাৰ পৰা আৰম্ভ কৰি ক্রীড়া জগতলৈকে সকলাে ক্ষেত্রতে এতিয়া পাকিস্তানৰ অৱস্থা যথেষ্ট শােচনীয় হােৱাটো বিশ্ববাসীৰ দৃষ্টিগােচৰ হৈছে।

যিসময়ত সমগ্র বিশ্বই ক্রীড়া ক্ষেত্রক অগ্রাধিকাৰ দিছে আৰু খেলুৱৈসকলৰ বাবে বৃহৎ ষ্টেডিয়াম নির্মাণ কৰা হৈছে, সেই সময়তে পাকিস্তানৰ ষ্টেডিয়ামত কৰা হৈছে খেতি। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও ইমৰান খানৰ দেশত সম্প্রতি ষ্টেডিয়ামত কৰা হৈছে ৰঙালাও, পানীলাও, জলকীয়া ইত্যাদিৰ খেতি।

সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানত লাহােৰৰ ষ্টেডিয়ামত এইদৰে খেতিবাতি কৰাৰ ভিডিঅ’ শেহতীয়াভাৱে ভাইৰেল হৈছে। পাকিস্তানৰ ক্রিকেট দলৰ প্রদর্শন এতিয়া পূর্বৰ দৰে সন্তোষজনক নহয়। পাকিস্তানৰ সন্ত্রাসবাদীপ্রেমী স্বৰূপটোৰ প্রতি লক্ষ্য ৰাখি এতিয়া বিশ্বৰ বহুদেশৰ খেলুৱৈয়ে পাকিস্তানলৈ যাবলৈ নিবিচাৰে।

কিন্তু ক্রীড়াক্ষেত্ৰৰ এনে নেতিবাচক ছবিখন সলনি কৰাৰ পৰিৱর্তে এসময়ত ক্রিকেট খেলুৱৈ হিচাপে জনপ্রিয়তা অর্জন কৰা ইমৰানে আজি পাকিস্তান প্রধানমন্ত্রী হােৱাৰ পাছতাে ক্রীড়া জগতক অৱহেলা কৰি আহিছে।

ইমৰানৰ ৰাজত্বত পাকিস্তানত খেলৰ প্রতি উদাসীনতা বৃদ্ধি পাইছে আৰু ক্ৰীড়া ময়দান সম্প্রতি খেলুৱৈৰ অনুশীলন ভূমিৰ পৰিৱর্তে খেতিবাতিৰ পথাৰত পৰিণত হৈছে। পাকিস্তানৰ এ আৰ ৱাই নিউজ নামৰ চেনেলটোৱে প্ৰচাৰ কৰা বাতৰি অনুসৰি, দেশখনৰ পঞ্জাৱ প্ৰদেশত থকা খানেৱাল ষ্টেডিয়ামত সম্প্রতি লাও আৰু জলকীয়াৰ খেতি কৰা হৈছে।

ক’ৰনাৰ কালত দীর্ঘদিন ধৰি ষ্টেডিয়াম বন্ধ হৈ আছে আৰু বন্ধ ষ্টেডিয়ামত এইদৰে কৰা হৈছে বিভিন্ন খেতিবাতি। ষ্টেডিয়ামৰ এনে দুর্দশাগ্রস্ত অৱস্থা প্রত্যক্ষ কৰ পাকিস্তানৰ প্রাক্তন ক্রিকেট খেলুৱৈ ছােৱেইব আখটাৰে টুইটাৰত ক্ষোভ প্রকাশ কৰিছে।

Exit mobile version