মহিলাৰ নিৰাপত্তাৰ বাবে ওৱেইছিক আফগানিস্তানলৈ প্ৰেৰণৰ দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ

pti07072021000233b 1 1009859 1626548417

কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰণ্ডলাজে এ আই এম আই এমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিক তালিবান প্ৰসংগত তীব্ৰ কটাক্ষ কৰিলে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান মহিলাৰ আৰু সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে আফগানিস্তানলৈ এ আই এম আই এমৰ মুৰব্বীজনক প্ৰেৰণ কৰা উচিত ।

ভাৰতত মহিলাৰ বিৰুদ্ধে হোৱা অত্যাচাৰ আৰু অপৰাধৰ প্ৰসংগত ওৱেইছিয়ে অলপতে প্ৰকাশ কৰা মন্তব্যৰ কঠোৰ সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী শোভাই কয়, ‘ওৱেইছিক নিজ সম্প্ৰদায়ৰ লোক আৰু মহিলাৰ নিৰাপত্তা ৰক্ষাৰ বাবে আফগানিস্তানলৈ প্ৰেৰণ কৰাটো ভাল হ’ব ।’

উল্লেখ্য যে হায়দৰাবাদৰ সাংসদজনে অলপতে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰি কৈছিল, ‘এক প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰতি নগৰাকী কন্যা সন্তানৰ এগৰাকীৰ পাঁচ বছৰ বয়সৰ পূৰ্বেই মৃত্যু হয় । এই দেশত মহিলাৰ বিৰুদ্ধে নিৰ্যাতন আৰু অপৰাধ সংঘটিত হৈ আহিছে । কিন্তু তেওঁলোক (কেন্দ্ৰীয় চৰকাৰ) চিন্তিত হৈছে আফগানিস্তানত মহিলাৰ অৱস্থাক লৈ । ভাৰততো এনে হোৱা নাই নেকি ?’

ওৱেইছিৰ এই মন্তব্যৰ প্ৰসংগতে কেন্দ্ৰীয় মন্ত্ৰী শোভাই এ আই এম আই এমৰ মুৰব্বীজনক আফগানিস্তানলৈ প্ৰেৰণৰ দাবী উত্থাপন কৰিলে ।

Exit mobile version