মাহত এক কোটি টিকা প্ৰস্তুত অক্টোবৰৰ লৈকে ,অনুমতি পত্ৰ পাইয়ে জনালে জাইডাছ কেডিলাই

Zydus Cadila 1629468881224 1629468887541

শনিবাৰৰ পৰা মাহে এক কোটি ক’ভিড ভেকছিন প্ৰস্তুত কৰা হ’ব বুলি জানিবলৈ দিয়ে জাইডাছ কেডিলাই ।শেহতীয়াকৈ, ভাৰতত ১২ বছৰৰ অধিক বয়সৰ লোকসকলক জাইকভ-ডি ভেকচিন লোৱাৰ অনুমতি দিয়া হৈছে।

তাৰ পাছতে এই সিদ্ধান্তটো লোৱা হৈছে। অনুমতি পোৱা দেৰি হোৱাৰ বাবেই টিকা তৈয়াৰ কৰোতে কিছু সময় লাগিছে বুলি জনাইছে কোম্পানীটোৱে।

জাইডাছ কেডিলাৰ পৰিচালনা সঞ্চালক শ্বৰবিল পেটেলে এখন সংবাদমেলত কয়, “অনুমতি পোৱাত পলম হোৱাৰ বাবে নতুন কাৰখানা এটা নিৰ্মাণ কৰিবলৈ ৪৫ দিন পলম হৈছে আমাৰ।” আমি অক্টোবৰৰ পৰা উৎপাদন বৃদ্ধি কৰিম।

তেওঁ লগতে কয় যে প্ৰাথমিক ভেকছিনসমূহ সংৰক্ষণ কৰা হয়। “তেওঁ আৰু জনাই ,প্ৰাথমিক টিকা মজুত কৰি ৰখা আছে।কিন্তু পৰৱৰ্তী ভাৰততেই ভেকছিন প্ৰস্তুত কৰা হ’ব।

শ্বৰবিলে জনাই, তেওঁলোকে অহা ৪৫ দিনত ৩০ ৰ পৰা ৪০ লাখ ভেকছিন প্ৰস্তুত কৰিব। তেতিয়াৰ পৰা অক্টোবৰৰ লৈকে এক কোটি ভেকচিন প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে।

তাৰ পাছত কি দৰে সেই টিকা দেহবাসীক দিয়া হ’ব সেই সিদ্ধান্ত ল’ব চৰকাৰে ।টিকাৰ দাম কিমান হ’ব সেইয়া অহা কেইসপ্তাহ মানৰ ভিতৰত জনাই দিয়া হ’ব বুলি জনাইছে জাইডাছ কেডিলাই ।

Exit mobile version